নেশ্যনেল ডেস্ক,২৮ মাৰ্চ: পশ্চিমবংগৰ হুগলীৰ বিজেপি সাংসদ লকেট চেটাৰ্জীৰ অভিযোগ । শনিবাৰে হুগলীৰ এক অনুষ্ঠানত 'ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ' থকা ৰং তেওঁৰ মুখত পেলাই দিয়া বুলি অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে । এই কাৰ্য তৃণমূল কংগ্ৰেছ (টিএমচি)এ সংঘটিত কৰা বুলি অভিযোগ চেটাৰ্জীৰ । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় 'মোৰ ওপৰত এক কঠিন পদাৰ্থ পেলাই দিয়া হৈছিল । মই দেখিছিলো যে, ৩-৪ জন বেজ পিন্ধি থকা টিএমচিৰ লোকে মোৰ ওচৰত আহি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পেলাই দিছিল' ।
উল্লেখ্য যে, চেটাৰ্জীয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত হুগলী জিলাৰ চিনচুৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইফালে, জিপি প্ৰধান বিদ্যুত বিশ্বাসে ভেৰণীয়া গুণ্ডাৰ সহায়ত এই কুকাৰ্য সংঘটিত কৰাৰ অভিযোগ । এই কাৰ্যক বংগ বিজেপিয়ে টুইটযোগে গৰিহণা দিয়ে ।
উল্লেখনীয় যে, শনিবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ত প্ৰায় ৭৯.৭৯ শতাংশ ভোটদান সম্পন্ন হৈছে । ৰাজ্যখনৰ পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৱ মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে । পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১ গৰাকী মহিলাকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত ইভিএমত বন্দী হয় ।
লগতে পঢ়ক: কানপুৰৰ চিকিৎসালয়ত অগ্নিকাণ্ড