ETV Bharat / bharat

26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছে খুন্দা মৰাৰ সম্ভাৱনা

author img

By

Published : May 24, 2021, 11:01 AM IST

আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ২৬ মে'ত পশ্চিমবংগৰ দীঘাৰ উপকূলত ঘূৰ্ণী বতাহ য়াছে খুন্দা মৰাৰ সম্ভাৱনা আছে ৷

26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছৰ খুন্দা মৰাৰ সম্ভাৱনা
c26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছৰ খুন্দা মৰাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,24 মে’: ঘূৰ্ণীবতাহ য়াছে ২৬ মে'ত দীঘাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ৷ বংগোপ সাগৰৰ পূৱ-মধ্যভাগত নিম্নচাপৰ সৃষ্টি হৈছে আৰু দেওবাৰে পুৱা ই তীব্ৰতৰ হৈছে ৷ সম্প্ৰতি পাৰাদ্বীপৰ পৰা ৫৯০ কিল’মিটাৰ আৰু বালাচোৰৰ পৰা ৬৯০ কিল’মিটাৰ দূৰৈত ঘূৰ্ণীবিধৰ অৱস্থিতি ধৰা পৰিছে ৷ আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, সোমবাৰে পুৱালৈ এই নিম্নচাপ ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হ'ব আৰু ই উত্তৰ-পশ্চিমলৈ গতি কৰিব ৷ পৰৱৰ্তী 24 ঘণ্টাত এই বতাহ অধিক শক্তিশালী ঘূৰ্ণী বতাহলৈ পৰিণত হ'ব ৷

আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সঞ্জীৱ বন্দোপাধ্যায়ে কয় যে, ঘূৰ্ণী বতাহ য়াছ ২৬ মে'ৰ পুৱা ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত খুন্দা মাৰিব ৷ য়াছৰ ফলত ২৬ মে'ৰ আবেলি ভূমিস্খলন হোৱাৰ তীব্ৰ সম্ভাৱনাই দেখা দিছে ৷ য়াছে পশ্চিমবংগ-ওড়িশাৰ উপকূলৰ মাজেৰে প্ৰৱেশ কৰি পাৰাদ্বীপৰ মাজেৰে আহি দীঘাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ৷ আবেলিলৈ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 155-160 কিল’মিটাৰ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃ ঘূৰ্ণী বতাহ য়াছ : সাজু 11 খন হেলিকপ্তাৰ আৰু 25 খন বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.