ETV Bharat / bharat

একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 বিজেপি বিধায়কৰ

একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 গৰাকীকৈ বিজেপি বিধায়কৰ ৷ পিএচচি(Public Account Committee) অধ্যক্ষ হিচাপে মুকুল ৰয়ক নিযুক্তি দিয়াৰ পাচতে বিধানসভাৰ স্থায়ী সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত বিধায়কসকলৰ ৷

author img

By

Published : Jul 14, 2021, 2:03 PM IST

8 BJP MLAs resign from Assembly standing committees to protest Mukul Roy's appointment as PAC chairman
একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 বিজেপি বিধায়কৰ

নেশ্যনেল ডেস্ক, 14 জুলাই: বিজেপিৰ পৰা একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ আঠগৰাকীকৈ বিধায়কৰ ৷ অতি শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰা মুকুল ৰয়ক পিএচচি(Public Account Committee) অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদস্বৰূপে বিধায়ককেইগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মিহিৰ গোস্বামী, মনোজ টিগা আৰু কৃষ্ণা কল্যাণীকে ধৰি বিধায়কসকলে মঙলবাৰে পশ্চিম বংগ বিধানসভাৰ বিধানসভা সমিতি আৰু স্থায়ী সমিতিৰ অধ্যক্ষপদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰিছে ৷

এই সন্দৰ্ভত বিজেপিৰ বিষয়াসকলে কয় যে, "দলৰ নিৰ্দেশনা অনুসৰি তেওঁলোকে 9 জুলাই, 2021 ৰ পৰা তাৎক্ষণিকভাৱে পশ্চিমবংগ বিধানসভাৰ বিধানসভা সমিতি আৰু স্থায়ী সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ৷" জানিব পৰা মতে, বিজেপিৰ টিকটত ৰাজ্যিক নিৰ্বাচনত জয়ী হোৱাৰ পাচত শেহতীয়াকৈ তৃণমূল কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰা মুকুল ৰয়ক শুকুৰবাৰে অধ্যক্ষ বিমান বেনাৰ্জীয়ে পশ্চিমবংগ বিধানসভাত পিএচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৷

লগতে পঢ়ক: আৰ এছ এছৰ বাবেই পশ্চিমবংগ নিৰ্বাচনত সক্ৰিয় নাছিল মুকুল ৰয় !

ইফালে, বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিৰোধী বিধায়কসকলৰ প্ৰতিনিধিৰ এটা দলে কলকাতাৰ ৰাজ ভৱনত পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনকৰক সাক্ষাৎ কৰে ৷ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি, ধনকৰক সাক্ষাৎ কৰি বিৰোধী বিধায়কৰ প্ৰতিনিধিৰ দলটোৱে পিএচচিৰ অধ্যক্ষৰ সৈতে সম্পৰ্কিত অনিয়ম সন্দৰ্ভত অৱগত কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অধিকাৰীয়ে এইবুলি কয়, "পিএচিৰ অধ্যক্ষতাক লৈ তৃণমূল কংগ্ৰেছে যিধৰণে পশ্চিমবংগ বিধানসভাত ৰাজনীতি কৰিছে আৰু বিজেপিক ভোট দিয়া 2.28 কোটি লোকক একাষৰীয়া কৰিছে , ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ পৰম্পৰা ভংগ কৰা হৈছে ৷ " উল্লেখ্য যে, 11 জুনত ৰয় আৰু তেওঁৰ পুত্ৰ শুভাংশু ৰয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত টিএমচিয়ে বিপুল ভোটত জয়লাভ কৰাৰ এমাহ পাচতে ৰয়ে পুত্ৰসহ তৃণমূলত যোগদান কৰিছিল ৷

লগতে পঢ়ক: তৃণমূলত যোগদানৰ পাছতে মুকুল ৰয়ৰ 'Y+' নিৰাপত্তা প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.