ETV Bharat / bharat

WB School jobs scam : অভিষেক বেনাৰ্জীৰ ওপৰত ২৫ লাখৰ জৰিমনাত স্থগিতাদেশ ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : May 26, 2023, 5:15 PM IST

কলিকতা উচ্চ ন্যায়ালয়ে তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত আৰোপ কৰা ২৫ লাখ টকাৰ জৰিমনাৰ ওপৰত স্থগিতাদেশ ছুপ্ৰিম কোৰ্টৰ বিচাৰপীঠৰ (SC stays Calcutta HC order on Abhishek Banerjee) ।

WB School jobs scam
WB School jobs scam

নিউজ ডেস্ক, ২৬ মে' : অভিষেক বেনাৰ্জীৰ বাবে এক সকাহ । উচ্চতম ন্যায়ালয়ে (Supreme Court of India) শুকুৰবাৰে কলিকতা উচ্চ ন্যায়ালয়ে ১৮ মে’ত অভিষেক বেনাৰ্জীক দিয়া এক নিৰ্দেশৰ ওপৰত স্থগিতাদেশ দিয়ে (SC stays Calcutta HC order on Abhishek Banerjee) । উল্লেখ্য, কলিকতা উচ্চ ন্যায়ালয়ে তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ ওপৰত ২৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছিল (Calcutta HC imposed Rs 25 lakh on Abhishek) । লগতে বিদ্যালয়ৰ চাকৰি কেলেংকাৰী গোচৰৰ তদন্ত সম্পৰ্কীয় পূৰ্বৰ আদেশ প্ৰত্যাহাৰ কৰাৰ আবেদন খাৰিজ কৰিছিল ।

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু পি এছ নৰসিংহক লৈ গঠিত এখন অৱকাশকালীন বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীয়ে তেওঁৰ আবেদনত উত্থাপন কৰা বিষয়বোৰ বিবেচনা কৰিছিল । কিন্তু ২৫ লাখ টকাৰ দৰিমনা আৰোপ কৰাটো 'সম্ভৱত প্ৰয়োজনীয় নহয়' । "কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কোনো জৰিমনা আৰোপ কৰিব নোৱাৰি (Trinamool Congress leader Abhishek Banerjee) । মই ভাবোঁ আদেশটো এটা অতি সন্তুলিত আৰু নিৰপেক্ষ আদেশ ।" ন্যায়াধীশ নৰসিংহই মন্তব্য কৰে ।

বিচাৰপীঠে কয় যে তেওঁলোকে জৰিমনা আৰোপ কৰাটো স্থগিত ৰাখিব আৰু উচ্চ ন্যায়ালয়ৰ ১৮ মে'ৰ আদেশৰ বিৰুদ্ধে অভিষেক বেনাৰ্জীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব । উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ আদেশ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ পুনৰ দাখিল কৰা আবেদন কলিকতা উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল । উক্ত ৰায়ত কোৱা হৈছিল যে চিবিআই আৰু ইডিৰ দৰে তদন্তকাৰী সংস্থাই তেওঁক গোচৰটো সন্দৰ্ভত জেৰা কৰিব পাৰে । লগতে ছুপ্ৰিম কোৰ্টৰ বিচাৰপীঠখনে কয় যে গোচৰটোৰ পুনৰ তালিকাভুক্তিৰ পৰৱৰ্তী তাৰিখলৈকে জৰিমনা আৰোপৰ কোনো অপ্ৰত্যাশিত আদেশ স্থগিত থাকিব (WB School jobs scam) ।

অভিষেক বেনাৰ্জীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে উচ্চ ন্যায়ালয়ৰ আদেশৰ কথা উল্লেখ কৰে আৰু কয় যে ইয়াত স্পষ্টভাৱে ত্ৰুটি আছে । "আমি একো কৰা নাই, আমি কেৱল জাননী জাৰি কৰিছোঁ আৰু ইয়াৰ সঁহাৰি বিচাৰিছোঁ ।" বিচাৰপীঠে মন্তব্য কৰে । উল্লেখ্য যে বন্ধ খোলাৰ পিছত ছুপ্ৰিম কোৰ্টত বিষয়টো শুনানিৰ বাবে ৰখা হ'ব । ২৮ এপ্ৰিলত দেশৰ শীৰ্ষ ন্যায়ালয়ে কলিকতা উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশক পশ্চিমবংগৰ বিদ্যালয়ৰ চাকৰি কেলেংকাৰীৰ গোচৰটো আন এজন ন্যায়াধীশক পুনৰ প্ৰদান কৰিবলৈ কৈছিল । ন্যায়াধীশ অভিজিত গাংগুলীৰ এটা টিভি নিউজ চেনেলক দিয়া সাক্ষাৎকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰাৰ কেইদিনমান পিছতে এই নিৰ্দেশ দিয়া হৈছিল ।

লগতে পঢ়ক :Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.