নিউজ ডেস্ক, 17 জানুৱাৰী : প্ৰয়াত স্বতন্ত্ৰ ৰেল ৰাজ্যমন্ত্ৰী সুৰেশ আংগাড়ীৰ ঘৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ কৰ্ণাটক ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে যোৱা প্ৰয়াত মন্ত্ৰী গৰাকীৰ পৰিয়াক সাক্ষাৎ কৰে ৷ ছেপ্টেম্বৰত COVID-19 মহামাৰীৰ ফলত মৃত্যুক সাৱতি লৈছিল বেলগামৰ স্বতন্ত্ৰ ৰেল ৰাজ্যমন্ত্ৰী সুৰেশ আংগাড়ী ৷ সেই হেতুকে দেওবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰয়াত সুৰেশ আংগাড়ীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰাৰ লগতে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰপ্পাইও প্ৰয়াত মন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
বিজেপি নেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷ অমিত শ্বাহৰ লগতে ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ সিং, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি নলিনী কুমাৰ কেটিলো উপস্থিত থাকে ৷
লগতে পঢ়ক :সাহিত্য অকাডেমীৰ ভাষাৰ বঁটা প্ৰাপক বিদৰ ছিং ক্ৰ’ৰ দেহাৱসান