নিউজ ডেস্ক,২ মাৰ্চ: পুনৰ বিতৰ্কত প্ৰিয়ংকা গান্ধীৰ স্বামী ৰ'বাৰ্ট বাদ্ৰা । সামাজিক মাধ্যমত তেওঁৰ ফটো এজন অভিযুক্ত হত্যাকাৰীৰ সৈতে শ্বেয়াৰ হোৱাৰ লগে লগে চৰ্চাৰ মাজত সোমাই পৰিছে ৰ'বাৰ্ট বাদ্ৰা ।
তথ্য অনুসৰি ৰ'বাৰ্ট বাদ্ৰা ৰাজস্থানৰ জয়পুৰলৈ এক বিশেষ ধৰ্মীয় ভ্ৰমণৰ বাবে যোৱাৰ সময়ত তাৰ এখন পঞ্চতাৰকা হোটেলত তেওঁ গ'ল্ফ খেলিছিল । তেতিয়াই আনন্দ চণ্ডালিয়া নামৰ এগৰাকী হত্যাৰ গোচৰত অভিযুক্তই বাদ্ৰাৰ সৈতে ফটো তুলিছিল । সেই ফটো চণ্ডালিয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ যে দেশজুৰি চৰ্চা লাভ কৰা হিম্মত সিঙ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আনন্দ চণ্ডালিয়া । কেৱল এয়াই নহয় তেওঁৰ বিৰুদ্ধে ব্লেকমেইল আৰু ধনদাবীৰ বিভিন্ন অভিযোগো আছে । জানিব পৰা মতে ৰ'বাৰ্ট বাদ্ৰা আৰু আনন্দ চণ্ডালিয়াৰ মাজত প্ৰায় আধা ঘন্টাৰো বেছি সময় কথা বতৰা হৈছিল ।
লগতে পঢ়ক:লিংগ বৈষম্যঃ পদোন্নতিৰ পৰা বঞ্চিত দেশৰ ৮৫ শতাংশ মহিলা