ETV Bharat / bharat

বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া - তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩

১১৯খন বিধানসভা আসনযুক্ত তেলেংগানাত আজি ভোটদান । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ৷ তেলেংগানাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ইয়াৰ পূৰ্বে মিজোৰাম, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ভোটদান সম্পন্ন হৈছে । ৩ ডিচেম্বৰত হ’ব ভোটগণনা ।

Telangana Assembly Elections 2023
তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:18 AM IST

Updated : Nov 30, 2023, 9:09 AM IST

নিউজ ডেস্ক, ৩০ নৱেম্বৰ: তেলেংগানাত শাসকীয় বি আৰ এছ, কংগ্ৰেছ আৰু বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ চলি থকা সময়তে আজি তেলেংগানাত ১১৯ জনীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান অনুষ্ঠিত হৈছে । আজি পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ৩৫,৬৫৫ টা ভোটকেন্দ্ৰত ৩.২৬ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, ইয়াৰে ১,৬৩,১৩,২৬৮ জন পুৰুষ ভোটাৰ আৰু ১,৬৩,০২,২৬১ গৰাকী মহিলা ভোটাৰ । ৩ ডিচেম্বৰত হ’ব ভোটগণনা ।

এফালে নিৰ্বাচনত ৰাজ্যখনৰ ৯০০ৰো অধিক নিৰ্দলীয়কে ধৰি ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্বীকৃতিপ্ৰাপ্ত প্ৰায় শতাধিক দলৰ পৰা ২২১গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ প্ৰাৰ্থীসহ মুঠ ২,২৯০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে সন্ধিয়া ৪ বজাৰ ভিতৰত বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত ১৩টা সমষ্টিত ভোটগ্ৰহণৰ অন্ত পৰিব । ভোটদানৰ বাবে ৰাজ্যখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ৩৭৫টা কোম্পানী আৰু ৰাজ্যিক বিশেষ আৰক্ষীৰ ৫০টা কোম্পানীৰ উপৰিও ৪৫ হাজাৰ আৰক্ষী জোৱান আৰু চুবুৰীয়া ৰাজ্যসমূহৰ ২৩ হাজাৰৰো অধিক হোমগাৰ্ডক সমগ্ৰ ৰাজ্যতে মোতায়েন কৰা হৈছে । ১২০০০ৰো অধিক স্পৰ্শকাতৰ ভোটকেন্দ্ৰ এলেকাত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰা হৈছে ।

ইফালে তেলেংগানাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । বুধবাৰে হায়দৰাবাদ আৰু অন্যান্য জিলা সদৰৰ কেন্দ্ৰসমূহৰ পৰা নির্দিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হয় ভোটগ্ৰহণকাৰী দলসমূহ । আৰ্হি ভোটকেন্দ্ৰৰ উপৰিও নিৰ্বাচন আয়োগে বিশেষকৈ হায়দৰাবাদ জিলাত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ সংকল্পৰে সম্পূৰ্ণ মহিলা আৰু দিব্যাং পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে ৷

লগতে পঢ়ক: আজি অন্ত পৰিব তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰচাৰ, ৩০ নৱেম্বৰত ভোটগ্ৰহণ

Last Updated : Nov 30, 2023, 9:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.