ETV Bharat / bharat

নাৰায়ণ ৰাণেৰ শিৰশ্ছেদ কৰোঁতালৈ 51 লাখ টকাৰ উপহাৰ ঘোষণা হিন্দু নেতাৰ - বাৰাণসী

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক থাপ্পৰ মৰাৰ কথা কৈ বিতৰ্কত সোমাই পৰা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক উদ্দেশ্যি এইবাৰ আপত্তিজনক মন্তব্য অৰুণ পাঠকৰ ৷ বিশ্ব হিন্দু সংগঠনৰ অধ্যক্ষ গৰাকীয়ে বিচাৰিছে নাৰায়ণ ৰাণেৰ শিৰশ্ছেদ ৷

51 thousands rupees prized for cut head
নাৰায়ণ ৰাণে
author img

By

Published : Aug 26, 2021, 5:18 PM IST

নিউজ ডেস্ক, 26 আগষ্ট : বিশ্ব হিন্দু সেনাৰ অধ্যক্ষ অৰুণ পাঠকে (Arun Pathak) ঘোষণা কৰিছে যে, কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানেৰ শিৰশ্ছেদ কৰিব পৰা জনক 51 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ বাৰাণসীৰ ভেলুপুৰ ক্ষেত্ৰত বাস কৰা অৰুণ পাঠকে ফেচবুক আৰু টুইটাৰযোগে নাৰায়ণ ৰাণেৰ বিৰুদ্ধে প্ৰকাশ কৰিছে এই আপত্তিজনক মন্তব্য ৷

অৰুণ পাঠক প্ৰথমে শিৱসৈনিক আছিল ৷ মহাৰাষ্ট্ৰত কংগ্ৰেছৰ সৈতে মিত্ৰযোঁটৰ পাচত তেওঁ শিৱসেনা ত্যাগ কৰি বিশ্ব হিন্দু সংগঠনৰ জন্ম দিয়ে ৷ ইয়াৰ আগতে গংগাৰ পাৰত এগৰাকী নেপালী যুৱকক মুণ্ডন কৰোৱাই জয় শ্ৰী ৰাম লিখোৱাৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাত চৰ্চিত হৈ পৰিছিল অৰুণ পাঠক ৷ এই ঘটনাত অৰুণ পাঠকক দোষী সাব্যস্ত কৰি গোচৰ দাখিল কৰিছিল আৰক্ষীয়ে ৷ বৰ্তমানেও তিনিটা গোচৰত আৰক্ষীয়ে বিচাৰি ফুৰিছে অৰুণ পাঠকক ৷

লগতে পঢ়ক : নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

অৰুণ পাঠকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আপত্তিজনক শব্দ প্ৰয়োগ কৰিছে ৷ নিজৰ ফেচবুক একাউন্টত পাঠকে লিখিছে যে, ‘‘যিটো পকেটমাৰ আৰু টিকেট ব্লেকাৰক বালা চাহেবে দয়া কৰি শিৱসৈনিক কৰিলে, মুখ্যমন্ত্ৰীও বনালে; তেওঁ দোষণীয় কাম কৰিছে ৷ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে বালা চাহেবৰ পুত্ৰক আক্ৰমণ কৰিছে ৷ এনেকুৱা মানুহক শিৰশ্ছেদ কৰিব লাগে আৰু এইকাম যিয়েই কৰিব তেওঁক মই 51 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিম’’ ৷

লগতে পঢ়ক : COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ইয়াৰ লগতে অৰুণ পাঠকে টুইটাৰ একাউন্টতো মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আপত্তিজন শব্দ প্ৰয়োগেৰে মন্তব্য কৰে ৷ পাঠকে উল্লেখ কৰে যে, ‘‘খাই পাতফলা নাৰায়ণ ৰাণে, মই তোক প্ৰতিশ্ৰুতি দিছোঁ যে, মৃত্যুৰ পাচত তোৰ অস্থি কাশী বিসৰ্জন দিবলৈ নিদিওঁ ৷ শতিকাজুৰি তোৰ আত্মাই মুক্তি বিচাৰি ভ্ৰমি ফুৰিব লাগিব’’ ৷

শিৱসেনাৰ নেতা হোৱা হেতুকে মুম্বাইলৈ অৰুণ পাঠকৰ সঘন আহ-যাহ আছিল আৰু ঠাকৰে পৰিয়ালৰ প্ৰতি অপৰিসীম শ্ৰদ্ধাও আছিল ৷ নিজকে তেওঁ বালা চাহেব ঠাকৰেৰ একান্ত ভক্ত আৰু কট্টৰ হিন্দু বুলি জাহিৰ কৰি আহিছে ৷ শিৱসেনা আৰু কংগ্ৰেছে মহাৰাষ্ট্ৰত যেতিয়া চৰকাৰ গঠন কৰিলে, তেতিয়া অৰুণ পাঠকে উয়াৰ বিৰোধিতা কৰাৰ লগতে বিশ্ব হিন্দু সেনা নামেৰে এটা নতুন সংগঠনৰ জন্ম দিয়ে ৷

লগতে পঢ়ক : কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

16 জুলাই 2020 চনত নেপালী ৰাষ্ট্ৰপতিয়ে অযোধ্যা তথা শ্ৰীৰাম চন্দ্ৰ সম্পৰ্কত দিয়া মন্তব্যৰ বিৰুদ্ধে অৰুণ পাঠক আৰু আন কেইবাজনো লোকে বাৰাণসীত বাস কৰা এগৰাকী নেপালী যুৱকক গংগাৰ পাৰত মুণ্ডন কৰোৱাৰ লগতে জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰায় ৷ এই ঘটনাৰ পাচৰ পৰাই বিশ্ব হিন্দু সংগঠনৰ অধ্যক্ষ অৰুণ পাঠক পলায় ফুৰিছে ৷

কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেয়ে জন আশীৰ্বাদ যাত্ৰাৰ সময়ত দাবী কৰে যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে পাহৰি গৈছে দেশ কেতিয়া স্বাধীন হৈছিল ৷ তেওঁ আৰু দাবী কৰে যে, বছৰটো পাহৰি যোৱাৰ পাচত তেওঁ সহযোগীক সুধিছিল ৷ ৰাণেয়ে কয় যে, ‘‘মুখ্যমন্ত্ৰী এগৰাকীয়ে দেশ স্বাধীন কেতিয়া হৈছিল নজনাটো লজ্জাজনক কথা ৷ নিজৰ ভাষণৰ মাজত তেওঁ পিচলৈ ঘূৰি সহযোগীক সুধিছে ৷ যদি মই তাত থাকিলো হেতেন তেন্তে থাপ্পৰ মাৰি দিলোঁ হেতেন’’ ৷

লগতে পঢ়ক : 4 দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.