ETV Bharat / bharat

Mumbai plane crash : বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ যোৱা ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত, তিনিজন আহত - তিনিগৰাকী লোক আহত

মুম্বাইৰ বিমানবন্দৰৰ 27 নং ৰাণৱেত অৱতৰণ কৰাৰ সময়ত বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ যোৱা এখন ব্যক্তিগত বিমান দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত তিনিগৰাকী লোক আহত হৈছে ৷

Visakhapatnam to Mumbai private plane crash at mumbai airport
বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ যোৱা ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:46 PM IST

Updated : Sep 14, 2023, 10:57 PM IST

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ : পুনৰ দেশত এক বিমান দুৰ্ঘটনা ৷ মুম্বাইৰ বিমানবন্দৰত দুৰ্ঘটনা পতিত হয় এখন ব্যক্তিগত বিমান ৷ এই পৰ্যন্ত এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই যদিও কেবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰতিকূল বতৰৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক অৱস্থাত ধাৰণা কৰা হৈছে ৷

বৃহস্পতিবাৰে বিয়লি মুম্বাইৰ বিমানবন্দৰৰ 27 নং ৰাণৱেত অৱতৰণ কৰাৰ সময়ত বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ যোৱা এখন ব্যক্তিগত বিমান দুৰ্ঘটনাত পতিত হয় ৷ বিমানখনত ছয়গৰাকী যাত্ৰী আৰু দুগৰাকী কৰ্মচাৰী আছিল ৷ এক ব্যক্তিগত সংস্থাৰ বাতৰি অনুসৰি এই দুৰ্ঘটনাত তিনিগৰাকী লোক আহত হৈছে ৷ আহতকেইগৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ইফালে, উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে ৷

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) এক বিতৃতিত কোৱা অনুসৰি, মুম্বাইৰ বিমানবন্দৰৰ 27 নং ৰাণৱেত অৱতৰণ কৰাৰ সময়ত বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ যোৱা এখন বিমানত ভিএছআৰ ভেঞ্চাৰছ লিয়াৰজেট 45 বিমান ভিটি-ডিবিএল ৰানৱে ভ্ৰমণত জড়িত আছিল ৷ ধাৰাসাৰ বৰষুণৰ বাবে বাহিৰখন দৃশ্যমান নোহোৱাৰ বাবে প্ৰায় 700 মিটাৰ থাকোঁতেই এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷

বিমানবন্দৰৰ কৰ্তব্যৰত বিষয়াই কোৱা অনুসৰি ধাৰাসাৰ বৰষুণৰ বাবে বিমানখন ৰাণৱেৰ পৰা পিচলি খোৱাত ব্যক্তিগত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ এই ঘটনাৰ পিচতে বাবে ৰাণৱেটো অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে ৷ যাৰ ফলত বিমানবন্দৰত কেইবাখনো বিমানৰ সময়সীমা সলনি কৰা হৈছে ৷

এই ঘটনাৰ পিচতে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুখপাত্ৰই কয় যে, ব্যক্তিগত বিমানখনত ৬ জন যাত্ৰী আৰু ২ জন কৰ্মচাৰীয়ে ভ্ৰমণ কৰিছিল। বিমানখন ৰাণৱেৰ পৰা পিচলি যোৱাৰ ফলত ৩ জন লোক আহত হৈছে। কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। দুৰ্ঘটনাটোৰ পিচত বিমানখন ৰাণৱেৰ পৰা আঁতৰোৱাৰ কাম আৰম্ভ হয়। বিমানবন্দৰৰ ৰাণৱেত অৱতৰণ কৰা 34 খন বিমান সুৰক্ষাৰ বাবে সলনি কৰা হৈছিল। সেইবোৰৰ ভিতৰত হৈছে ইণ্ডিগ' 19, এএক্সএ 5, ভিস্তাৰা 6, এমিৰেটছ 1, এয়াৰ ইণ্ডিয়া 2 আৰু এয়াৰ এছিয়া 1 বিমান।

সকলো সুৰক্ষা পৰীক্ষাৰ পৰৱৰ্তী সময়ত, ডিজিচিএ-ৰ অনুমতিত বিয়লি 6.47 বজাত ৰাণৱে মুকলি কৰি দিয়া হয় । ছত্ৰপতি শিৱাজী মহাৰাজ বিমানবন্দৰৰ (চিএছএমআইএ) দ্বাৰা সংশ্লিষ্ট এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে ৷ দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ প্ৰতিষ্ঠানটোক এটা সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে জনায় যে বিমানবন্দৰ ফালৰ পৰা এই অসুবিধাৰ বাবে তেওঁলোকক ক্ষমা বিচাৰিছে ৷

লগতে পঢ়ক: Bihar boat capsized : বিহাৰৰ বাগমতী নদীত শিক্ষাৰ্থীভৰ্তি নাও দুৰ্ঘটনাগ্ৰস্ত

Last Updated : Sep 14, 2023, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.