ETV Bharat / bharat

Visa denial to Indian wushu players : দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ আহ্বান চীনা দূতৰ - China visa deny issue

ভাৰতীয় খেলুৱৈক চীনে ভিছা প্ৰদান নকৰাক লৈ বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে চীনা দূতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে ।

Visa denial to Indian wushu players
দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ আহ্বান চীনা দূতৰ
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 11:17 AM IST

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ খেলুৱৈক চীনে ভিছা প্ৰদান নকৰাক লৈ বিতৰ্ক অব্যাহত আছে । কূটনৈতিক পৰ্যায়ত এই বিষয়টোৱে বিশেষ প্ৰতিক্ৰিয়া লাভ কৰিছে । ইয়াৰ মাজতে চীনৰ গুৰুত্বপূৰ্ণ আহ্বান । দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আহ্বান চীনৰ ।

উল্লেখ্য যে এছিয়ান গেমছৰ বাবে অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ভাৰতীয় ৱচু খেলুৱৈক ভিছা প্ৰত্যাখ্যান কৰাৰ চীনৰ সিদ্ধান্তক বিভিন্ন পক্ষই সমালোচনা কৰা দেখা গৈছে । তাৰ মাজতে চীনৰ দূত ঝা লিয়ুৱে দেওবাৰে এক উন্নত আৰু সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ আহ্বান জনাইছে । কলকাতাত চীনা কূটনীতিবিদগৰাকীয়ে কয় যে, বৰ্তমান দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুস্থিৰ আৰু দুয়োখন দেশৰ নেতাসকলে আলোচনাৰ লগতে যোগাযোগ বজাই ৰাখিছে ।

তেওঁৰ মতে দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিবলৈ চীনা নেতাসকল প্ৰতিশ্ৰুতিবদ্ধ । বিভিন্ন অসুবিধা দূৰ কৰিবলৈ আৰু এক সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্ক বিকাশত সহায় কৰিবলৈ ভাৰতৰ সৈতে কাম কৰিবলৈও ইচ্ছুক চীন । চীন গণৰাজ্যৰ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত এক অনুষ্ঠানত লিয়ুৱে এই মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, চীনে বিশ্ব শান্তি নিৰ্মাতা, বিশ্ব উন্নয়নত অৱদানকাৰী আৰু এক বহল দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ৰক্ষক হিচাপে কাম কৰিবলৈ ভাৰতকে ধৰি সকলো পক্ষৰ সৈতে কাম কৰিবলৈ ইচ্ছুক । চীন আৰু ভাৰতৰ সুস্থিৰ সম্পৰ্ক দুয়োখন দেশ আৰু ইয়াৰ জনসাধাৰণৰ মৌলিক স্বাৰ্থ । তেওঁ উল্লেখ কৰা মতে দুয়োখন দেশৰ উমৈহতীয়া উন্নয়ন আৰু পুনৰুজ্জীৱিতকৰণ এছিয়াৰ লগতে বিশ্বৰ ভৱিষ্যতৰ সৈতে জড়িত ।

এছিয়ান গেমছৰ বাবে অৰুণাচলৰ খেলুৱৈক ভিছা প্ৰত্যাখ্যান কৰাৰ বিষয়ে তেওঁ কয় যে, এছিয়ান গেম হৈছে সকলোৰে বাবে খেল । তেওঁৰ মতে আমি সকলো পৰিয়াল । এয়া এক দ্বিপাক্ষিক সমস্যা আৰু তেওঁ এই ক্ষেত্ৰত চীনা দূতাবাসলৈ যোৱাৰ আহ্বান জনায় ।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ ভাৰতীয় ৱুচু খেলুৱৈক ভিছা প্ৰত্যাখ্যান কৰাৰ চীনৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে তেওঁৰ আগন্তুক হাংঝৌ ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লৈছিল ।

লগতে পঢ়ক :19th Asian Games : এছিয়ান গেমছত অৰুণাচলৰ খেলুৱৈৰ ভিছা প্ৰত্যাখ্যান; চীনক গৰিহণা কিৰেণ ৰিজিজুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.