নেশ্যনেল ডেস্ক,২২ জুন : শান্ত হোৱা নাই উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ । প্ৰতিদিনে ৰাজ্যখনত এটাৰ পাছত আন এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে । ১ মাহ অতিক্ৰম কৰাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ । যাৰ বাবে বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । এইবাৰ মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ ।
ছোনিয়া গান্ধীয়ে বুধবাৰে কয় যে মণিপুৰৰ জনসাধাৰণৰ জীৱন ধাৰণ অতি ভয়ংকৰ হৈ পৰিছে, যিয়ে দেশৰ বিবেকত গভীৰ আঘাত কৰিছে । তেওঁ লগতে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতিৰ বাবে আহ্বান জনায় । টুইটযোগে ছোনিয়া গান্ধীয়ে মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে ।
ইফালে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । এনেদৰে বিজেপি শাসিত ৰাজ্যখনত লোকসকল গৃহহীন হৈ পৰাত ছোনিয়া গান্ধীয়ে দুখ প্ৰকাশ কৰিছে । ইফালে বাসগৃহৰ পৰা লোকসকল পলাবলৈ বাধ্য হোৱাত তেওঁ দুখ প্ৰকাশ কৰে । ৰাজ্যখনত এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁ দাবী জনাই । শান্তি-শৃংখলা বিৰাজ কৰাৰ আহ্বানৰ লগতে ভৱিষ্যতৰ পদক্ষেপৰ বাবে তেওঁ নৱ প্ৰজন্মক আহ্বান জনায় ।
তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে মণিপুৰৰ ৰাইজে এই অগ্নিপৰীক্ষা অতিক্ৰম কৰিব লাগিব । মণিপুৰৰ জনসাধাৰণৰ ওপৰতো তেওঁৰ বিশ্বাস আছে যে তেওঁলোকে এই অগ্নিপৰীক্ষা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব ।
লক্ষণীয়ভাৱে মণিপুৰৰ পৰিস্থিতি উন্নত হোৱা নাই । নতুন নতুনকৈ বহু স্থানত ঘটনা সংঘটিত হৈছে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে মঙলবাৰে তাৎক্ষণিকভাৱে ২৫ জুনলৈ ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা আৰু ৫ দিন বৃদ্ধি কৰিছে । যোৱা ৩ মে'ৰ পৰা সংঘটিত হিংসাত্মক ঘটনাৰ ফলত মণিপুৰত প্ৰায় ১০০ গৰাকী লোকৰ মৃত্যু হৈছে । হাজাৰ হাজাৰ লোকৰ ঘৰ জ্বলাই দিয়া হৈছে । বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । সেনা তথা নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :Bomb Blast in Manipur: মণিপুৰত সন্দেহজনক আইইডি বিস্ফোৰণত আহত 3