নেশ্যনেল ডেস্ক, 21জুলাই: ৰাজধানী চহৰ দিল্লীত পুনৰ উৎপীড়নৰ বলি উত্তৰ-পূৱৰ যুৱতী ৷ নতুন দিল্লীত উত্তৰ-পূৱৰ যুৱতীক উৎপীড়ন চলোৱাৰ এটা ভিডিঅ' সম্প্ৰতি চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টোত কেইজনমান পুৰুষে কেইগৰাকীমান যুৱতীক অশালীন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ পুৰুষকেইজনে যুৱতীকেইগৰাকীক তেওঁলোকৰ দাম সোধাৰ পাচতে যুৱতী কেইগৰাকী খঙত একোনাই হৈ পৰে ৷ যুৱতীকেইগৰাকীয়ে ভিডিঅ' ৰেকৰ্ড কৰাৰ পাচত যুৱককেইজনে যুৱতীকেইগৰাকীক ক্ষমা বিচৰা দেখা গৈছে ৷
ডেৰ মিনিটৰ এই ভিডিঅ'টোত পীড়িত যুৱতীকেইগৰাকীয়ে তেওঁলোকে সন্মুখীন হোৱা ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে ৷ যুৱতীকেইগৰাকীয়ে জানিবলৈ দিয়া মতে, নিশা তেওঁলোক হোজ খাজত থিয় হৈ থকাৰ সময়ত কেইজনমান যুৱকে অশ্লীল ইংগিত দি তেওঁলোকৰ দাম সোধে ৷ এই ব্যৱহাৰত ক্ষুণ্ণ হৈ যুৱতীকেইগৰাকীয়ে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে যুৱককেইজনে তেওঁলোকক ক্ষমা বিচাৰে ৷
এই ঘটনাৰ পাচতে দিল্লী মহিলা আয়োগে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ লগতে বিষয়টো সন্দৰ্ভত আয়োগে দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিছে ৷ বিষয়টোৰ সন্দৰ্ভত আয়োগক অধ্যক্ষ স্বাতী পালিৱালে বিষয়টো যথেষ্ট গুৰুতৰ বুলি আখ্যা দিয়াৰ লগতে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা প্ৰয়োজন বুলি মন্তব্য কৰে ৷ পালিৱালে লগতে এইবুলি কয়, "মই যেতিয়া উত্তৰ-পূৱৰ যুৱতীসকলৰ সৈতে সংঘটিত এই ঘটনাৰ ভিডিঅ' দেখিছিলো মোৰ অত্যন্ত বেয়া লাগিছিল আৰু লগতে খঙো উঠিছিল ৷ এনেধৰণৰ উৎপীড়নৰ বিৰুদ্ধে যদি কঠোৰ পদক্ষেপ লোৱা নহয়, তেন্তে এনে কাণ্ড সংঘটিত কৰা লোকসকলে আৰু সুবিধা পাব ৷ আমি ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীলৈ এখন জাননী প্ৰেৰণ কৰাৰ লগতে এক গোচৰ ৰুজু কৰি দোষীক শাস্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো ৷"
লগতে পঢ়ক: আত্মহত্যাৰ পথ বাচি লোৱা কোন এইগৰাকী আনান্নায়াহ কুমাৰী এলেক্স ?