নেশ্যনেল ডেস্ক,১৫ নৱেম্বৰ : দেশজুৰি দিল্লীৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ ব্যাপক চৰ্চা চলি আছে (Shraddha Walker Murder Case)। তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ এটা ভিডিঅ' । ভিডিঅ'টোত নিষ্ঠুৰ হত্যাকাৰীজনক শান্তিৰে লকআপৰ ভিতৰত শুই থকা দেখা গৈছে (video of Aftab Amin Poonawala )। শান্তিৰে শুই থকা আফতাব আমিন পুনাৱালাৰ মুখত কিন্তু কোনো অনুশোচনা দেখা যোৱা নাই ।
জঘন্য অপৰাধ কৰাৰ পাছতো, তেওঁ লকআপত শান্তিৰেই শুই থকা দেখা গৈছে । লাভ জিহাদৰ গুৰুতৰ অভিযোগ উঠিছে পুনাৱালাৰ বিৰুদ্ধে । 'লাভ জিহাদ'ৰ ভুক্তভোগী শ্ৰদ্ধা নামৰ যুৱতীৰ পিতৃয়ে উল্লেখ কৰা মতে তেওঁৰ কন্যা আফতাবে পতা লাভ জিহাদৰ জালৰ স্বীকাৰ হৈছে । সেয়ে আফতাবৰ মৃত্যুদণ্ডৰ দাবী জনাইছে পিতৃগৰাকীয়ে । তেওঁ লগতে কয় যে দিল্লী আৰক্ষীৰ ওপৰত তেওঁৰ বিশ্বাস আছে আৰু তদন্তও সঠিক দিশত আগবাঢ়িছে ।
আফতাব আমিন এজন ফুড ব্ল'গাৰ । ইনষ্টাগ্ৰামত তেওঁৰ ব্যক্তিগত একাউণ্টৰ নাম দিয়া আছে হাংগ্ৰি চোক্ৰো (thehungrychokro)। আনহাতে ফুড ব্লগ ইনষ্টাগ্ৰামত আফতাবে ২০১৯ চনৰ ৩ মাৰ্চত অন্তিম খন ফটো পোষ্ট কৰিছিল । তেওঁ ২ ফেব্ৰুৱাৰীত তেওঁৰ ফুড ব্লগৰ পৰা শেষ ফটোখন পোষ্ট কৰিছিল ।
আৰক্ষীৰ সূত্ৰৰ মতে, ২০২২ চনত দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে দম্পতীটো ২০১৯ চনত সম্পৰ্ক স্থাপন কৰিছিল । তেওঁলোক কিছু সময় মহাৰাষ্ট্ৰত আছিল । তেওঁলোক দুয়ো একেলগে ভ্ৰমণো কৰিছিল ।
আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে মাৰ্চ-এপ্ৰিলত ভ্ৰমণৰ বাবে পাহাৰীয়া স্থানলৈ গৈছিল । দুয়ো মে' মাহত কেইদিনমানৰ বাবে হিমাচল প্ৰদেশলৈ গৈছিল আৰু একেলগে আছিল, য'ত তেওঁলোকে দিল্লীৰ ছত্ৰপুৰত বাস কৰা এজন লোকক লগ পাইছিল । বাতৰি অনুসৰি, দিল্লীলৈ অহাৰ পাছত, তেওঁলোকে প্ৰথমতে হিমাচলত লগ পোৱা একেজন ব্যক্তিৰ ফ্লেটত আছিল । পাছত, আফতাবে ছত্ৰপুৰত এটা ফ্লেট ভাড়ালৈ লৈছিল, য'ত তেওঁ শ্ৰদ্ধাৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল । ১৮ মে'ত তেওঁ যুৱতীগৰাকীক ছত্ৰপুৰৰ ফ্লেটটোত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে মহাৰাষ্ট্ৰ পালঘৰৰ শ্ৰদ্ধা নামৰ যুৱতীগৰাকীয়ে মালাডস্থিত এটি বহুজাগতিক প্ৰতিষ্ঠানৰ কল চেণ্টাৰত কাম কৰিছিল (Girl murdered in Delhi)৷ কৰ্মৰত ঠাইতেই আফতাব আমিনৰ লগত শ্ৰদ্ধাৰ চিনাকি হয় ৷ লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ ৰূপ লয় (Girl murdered in love affair in Delhi) ৷
ইয়াৰ পিছতে শ্ৰদ্ধাই ঘৰৰ লোকৰ পৰা আঁতৰি দিল্লীত আফতাবৰ লগত লিভ-ইনত থাকিবলৈ আৰম্ভ কৰে ৷ কিন্তু শ্ৰদ্ধা আৰু আফতাবৰ সম্পৰ্কৰ কথা ঘৰত গম পোৱাৰ লগে লগে শ্ৰদ্ধাৰ ঘৰৰ লোকে সম্পৰ্কটো মানি ল'বলৈ অমান্তি হয় (Girl murdered by her Boyfriend)৷ যাৰ পিছতে দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰো সৃষ্টি হয় । কিন্তু ১৮ মে’ত এই কাজিয়াৰ চৰম ৰূপ লোৱাত আফতাবে ডিঙি কাটি হত্যা কৰে শ্ৰদ্ধাক ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি আফতাবে শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টা টুকুৰা কৰি ফ্ৰীজত সোমোৱাই থৈ দিল্লীৰ বিভিন্ন ঠাইত পেলাই থৈ আহে ৷
লগতে পঢ়ক :Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক