ETV Bharat / bharat

VIACOM 18: আগন্তুক পাঁচ বছৰৰ বাবে ভায়াকম 18ত সম্প্ৰচাৰ হ’ব ভাৰতৰ ঘৰুৱা সকলো ক্ৰিকেট মেচ - ষ্টাৰ ইণ্ডিয়া

ভায়াকম ১৮ত এতিয়াৰে পৰা সম্প্ৰচাৰ হ’ব ৰাষ্ট্ৰীয় দলৰ ঘৰুৱা শৃংখলাৰ মেচ ৷ 6,000 কোটি টকাৰ নিবিদাৰে ‘ষ্টাৰ ইণ্ডিয়া’ আৰু ‘চনীক’ অতিক্ৰম কৰি এই অধিকাৰ লাভ কৰিছে ভায়াকম 18 য়ে ৷

VIACOM 18
VIACOM 18
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:42 PM IST

নেশ্যনেল ডেস্ক, 31 আগষ্ট: ভায়াকম 18য়ে (Viacom18) বৃহস্পতিবাৰে ‘ষ্টাৰ ইণ্ডিয়া’ আৰু ‘চনীক’ অতিক্ৰম কৰি পৰৱৰ্তী পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ ঘৰুৱা শৃংখলাৰ টিভি আৰু ডিজিটেল অধিকাৰ প্ৰায় 6,000 কোটি টকাৰ সামগ্ৰিক নিবিদা লাভ কৰে ৷

  • 🚨 NEWS 🚨: BCCI announces the successful bidder for acquiring the Media Rights for the BCCI International Matches and Domestic Matches for September 2023 – March 2028.

    More Details 🔽https://t.co/Z2TYMudypd

    — BCCI (@BCCI) August 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অধিক মুনাফা লাভৰ বাবে টিভি আৰু ডিজিটেল দুয়োটা মাধ্যমত প্ৰচাৰৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ ভায়াকম 18য়ে ডিজিটেলৰ বাবে প্ৰায় 3,101 কোটি টকা আৰু টিভিৰ বাবে 2,862 কোটি টকা পৰিশোধ কৰিছে ৷ ডিজিটেল মাধ্যমত অধিক উপাৰ্জন কৰাৰ আশা প্ৰকাশ কৰিছে ভায়াকম 18য়ে ৷

সম্প্ৰচাৰ বিভাগৰ এক সূত্ৰই PTIক কয়, ‘‘ভায়াকমে 26,000 কোটি টকাৰ অধিক মূল্যত IPLৰ ডিজিটেল অধিকাৰ ক্ৰয় কৰিছিল আৰু এতিয়া IPLৰ টিভিত প্ৰচাৰৰ অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (ICC) অধিকাৰৰ বাহিৰে বেছিভাগ শীৰ্ষ অনুষ্ঠান সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ৷’’

22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন খেলৰ শৃংখলাৰ পৰা ভায়াকমৰ অধিকাৰ কাৰ্যকৰী হ'ব আৰু 31 মাৰ্চ 2028 লৈকে চলিব ৷

‘‘পৰৱৰ্তী পাঁচ বছৰৰ বাবে BCCIৰ টিভি আৰু ডিজিটেল অধিকাৰ ক্ৰয় কৰাৰ বাবে ভায়াকম ১৮ক অভিনন্দন জনাইছো । ভাৰতীয় ক্ৰিকেট দুয়োখন মঞ্চতে সমৃদ্ধ হৈ থাকিব কিয়নো আমি IPL আৰু WPL অধিকাৰ লাভৰ পিছত BCCIৰ মিডিয়া অধিকাৰৰ বাবে অংশীদাৰী ত্বৰান্বিত কৰিছো ৷ ’’ বিচিচিআইৰ সচিব জয় শ্বাহে কয় ৷

  • Congratulations @viacom18 🤝 for winning the @BCCI Media Rights for both linear and digital for the next 5 years. India Cricket will continue to grow in both spaces as after @IPL, and @wplt20, we extend the partnership @BCCI Media Rights as well. Together we will continue to…

    — Jay Shah (@JayShah) August 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতে পৰৱৰ্তী পাঁচ বছৰত তিনিওটা ফৰ্মেটত 88 খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব । ইয়াৰ ভিতৰত আছে 25 খন টেষ্ট, 27 খন এদিনীয়া আৰু 36 খন T-20 আন্তঃৰাষ্ট্ৰীয় । নতুন চুক্তি অনুসৰি বিচিচিআইয়ে প্ৰতিখন খেলৰ বাবে প্ৰায় 67.76 কোটি টকা লাভ কৰিব । এয়া প্ৰতিখন খেলত 60 কোটি টকাৰ পূৰ্বৰ চৰ্ততকৈ প্ৰায় 7.76 কোটি টকা বেছি ৷

অৱশ্যে BCCIয়ে পূৰ্বৰ চৰ্ততকৈ 175 কোটি টকা কম লাভ কৰিব । অন্তিমবাৰ 102 খন মেচ খেলা হৈছিল আৰু BCCIয়ে মুঠ 6138 কোটি টকা লাভ কৰিছিল ।

লগতে পঢ়ক: Asia Cup 2023 : এছিয়া কাপত ভাৰতক প্ৰত্যাহ্বান জনাবলৈ সাজু বাবৰ বাহিনী; নেপালৰ বিৰুদ্ধে বৃহৎ জয়ত আত্মবিশ্বাসী পাকিস্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.