ETV Bharat / bharat

Success operation of Varanasi Doctors : এজন কৰ্কট ৰোগীৰ পেটৰ পৰা আঁতৰোৱা হ’ল ৩০ কেজি ওজনৰ টিউমাৰ

author img

By

Published : Feb 24, 2023, 8:31 PM IST

উত্তৰ প্ৰদেশৰ মহামনা পণ্ডিত মদন মোহন মালব্য কৰ্কট কেন্দ্ৰৰ চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰি কৰ্কট ৰোগীৰ পেটৰ পৰা আঁতৰালে ৩০ কেজি ওজনৰ এটা টিউমাৰ (Doctor Remove 30 kg Tumor)। এউই অস্ত্ৰোপচাৰটোক দেশৰ ভিতৰতে বৃহৎ অস্ত্ৰোপচাৰ আখ্যা চিকিৎসকৰ । ৫৫ বছৰীয়া এজন কৰ্কট ৰোগীৰ পেটত আছিল এই বৃহৎ টিউমাৰটো ।

Success operation of Varanasi Doctors
এজন কৰ্কট ৰোগীৰ পেটত আছিল ৩০ কেজি ওজনৰ টিউমাৰ

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰৰ চিকিৎসকৰ এটা দলৰ বৃহৎ সফলতা । অসম্ভৱ যেন লগা এটা অস্ত্ৰোপচাৰ সফলভাৱে কৰি দেখুৱালে চিকিৎসকৰ দলটোৱে । আপুনি শুনি আচৰিত হ'ব যে চিকিৎসকসকলে এগৰাকী ৰোগীৰ পাকস্থলীৰ পৰা সফলতাৰে ৩০ কিলোগ্ৰামৰ টিউমাৰ উলিয়াইছে (Doctor Remove 30 kg Tumor)। অস্ত্ৰোপচৰা কৰা ৰোগীগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ।

ইফালে এগৰাকী কৰ্কট ৰোগীৰ ক্ষেত্ৰত এই অস্ত্ৰোপচাৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ অস্ত্ৰোপচাৰ বুলি চিকিৎসকসকলে দাবী কৰিছে । বাৰাণসীৰ মহামনা পণ্ডিত মদন মোহন মালব্য কৰ্কট কেন্দ্ৰৰ অস্ত্ৰোপচাৰ বিভাগৰ চিকিৎসকসকলে এই অস্ত্ৰোপচাৰটো কৰিছে (Varanasi Doctors success operation)।

অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ মায়াংক ত্ৰিপাঠীয়ে এই সন্দৰ্ভত কয় যে, ৫৫ বছৰীয়া কৰ্কট ৰোগীজনৰ পেটৰ আকাৰ যথেষ্ট বাঢ়ি আহিছিল আৰু প্ৰচণ্ড বিষ অনুভৱ কৰা বুলি কৈছিল । যেতিয়া ৰোগীজনক পৰীক্ষা কৰা হৈছিল তেতিয়া দেখা গৈছিল যে, তেওঁৰ পেটত এটা বৃহৎ আকাৰৰ টিউমাৰ আছে । ইয়াৰ পাচত তিনিজনীয়া চিকিৎসকৰ এটা দলে সফলতাৰে ৰোগীজনৰ অস্ত্ৰোপচাৰ কৰে আৰু ৰোগীজনৰ পেটৰ পৰা ৩০ কিলোগ্ৰাম ওজনৰ টিউমাৰটো উলিয়াবলৈ সক্ষম হয় ।

ডাঃ ত্ৰিপাঠীয়ে লগতে কয় যে, ৰোগীজনৰ পেটৰ ভিতৰত ৰক্তনলীৰ ওচৰত এই টিউমাৰটো আছিল । ৰোগীজন ৰেট্ৰোপেৰিটোনেল লিপো চাৰ্কোমা নামৰ এক বিৰল কৰ্কট ৰোগত ভুগি আছিল । কৰ্কট ৰোগত আক্ৰান্ত এই ৰোগীজনৰ টিউমাৰটো অতি সংবেদনশীল স্থানত আছিল । যাৰ বাবে এই টিউমাৰটো উলিয়াবলৈ অস্ত্ৰোপচাৰ ৬ ঘণ্টা ধৰি চলিছিল ।

ডাঃ মায়াংক ত্ৰিপাঠীয়ে পাকস্থলীৰ পৰা উলিওৱা টিউমাৰটো আকাৰ সন্দৰ্ভত কয় যে ই ৬৪ চেণ্টিমিটাৰ দীঘল আৰু ৪৬ চেণ্টিমিটাৰ বহল । এই টিউমাৰটোৰ ওজন ১২ টা নৱজাতক শিশুৰ ওজনৰ সমান আছিল (Doctor Remove 30 kg Tumor from cancer patient)। তেওঁ কয় যে, সচৰাচৰ এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ কৰি প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ টিউমাৰ পোৱা যায় । কিন্তু প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ টিউমাৰ তেওঁলোকে উলিয়াইছে ।

ড৹ মায়াংক ত্ৰিপাঠীয়ে লগতে ইয়াক দেশৰ আটাইতকৈ ডাঙৰ অস্ত্ৰোপচাৰ বুলি অভিহিত কৰে । চিকিৎসকৰ দলটোৰ এই সফল অস্ত্ৰোপচাৰৰ বিষয়টো প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছে । চিকিৎসকৰ দলটোৰ এই সফলতাক সকলোৱে আদৰণি জনাইছে ।

লগতে পঢ়ক :75th Birth Anniversary of Jayalalithaa : অভিনয়ৰ পৰা ৰাজনীতিলৈ জয়াললিতাৰ গৌৰৱময় কেৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.