নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : বিগত বৰ্ষৰ 30 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰামনগৰীৰ অযোধ্যা ধাম ষ্টেশ্যনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিচতে যোৱা 4 জানুৱাৰী, বৃহস্পতিবাৰে বিয়লি প্ৰায় 3.45 বজাত বন্দে ভাৰত এক্সপ্ৰেছে যাত্ৰী লৈ দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেললৈ ৰাওনা হয় । বন্দে ভাৰতৰ প্ৰথমটো যাত্ৰা কৰি যাত্ৰীসকল যথেষ্ট উৎসাহিত হৈ পৰে ৷
এক্সপ্ৰেছখনৰ উদ্বোধনৰ পিচতে, বন্দে ভাৰতৰ প্ৰথম যাত্ৰা নিৰ্ধাৰিত সময় অনুসৰি আৰম্ভ হয়। এই ৰে’লখন অযোধ্যা কেণ্টৰ পৰা আনন্দ বিহাৰলৈ ৰাওনা হয় । যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলে জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দি যাত্ৰা আৰম্ভ কৰিছিল ৷ যাত্ৰীসকলৰ মুখত সুখৰ ভাৱ পৰিস্ফুট হৈছিল ৷ যাত্ৰীসকলে এই উপহাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ মোদীক ধন্যবাদ জ্ঞাপন কৰে ৷
বন্দে ভাৰত প্ৰথম দিনা দিল্লীৰ পৰা 20 মিনিট পলমকৈ আহিছিল:
জয় শ্ৰী ৰামৰ শ্লোগানেৰে বন্দে ভাৰত ৰে'লখনে অযোধ্যা কেণ্ট ৰে’ল ষ্টেচনৰ পৰা দিল্লীলৈ ৰাওনা হয় । অৱশ্যে বৃহস্পতিবাৰে, ৰে’লখন দিল্লীৰ পৰা নিৰ্ধাৰিত সময়তকৈ প্ৰায় 20 মিনিট পলমকৈ অযোধ্যাত উপস্থিত হৈছিল । ৰে’লখনে বিয়লি প্ৰায় ৩.45 বজাত অযোধ্যা কেণ্ট ৰে’ল ষ্টেচনৰ পৰা দিল্লীলৈ ৰাওনা হয় ৷
চুলতানপুৰৰ হৈ আনন্দ বিহাৰ টাৰ্মিনেল দিল্লীলৈ ৰাওনা হ'ব বন্দে ভাৰত ৰে’লখন :
জানিব পৰামতে, এই ৰে’লখন অযোধ্যা কেণ্টৰ পৰা লক্ষ্ণৌ হৈ চুলতানপুৰ হৈ আনন্দ বিহাৰ টাৰ্মিনেল দিল্লীলৈ যাব । বাৰাবাঁকীত ৰে’লপথৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে, এই ৰে'লখন 4 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ চুলতানপুৰ হৈ চলিব । এই ৰে’লখন 7 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ বাতিল হৈ থাকিব । 16 জানুৱাৰীৰ পৰা, এই ৰে'লখন পুনৰ অযোধ্যা কেণ্টৰ পৰা লক্ষ্ণৌ দিল্লী আনন্দ বিহাৰ টাৰ্মিনেলৈ আবেলি 3.30 বজাত ৰাওনা হ'ব ।
লগতে পঢ়ক: ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি