ETV Bharat / bharat

ISRO Scientist Valarmathi Died : চন্দ্ৰযান ৩ৰ কাউণ্টডাউনৰ কণ্ঠ দিয়া ইছৰো বিজ্ঞানীৰ মৃত্যু - Vikram lander

দেওবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । দেশৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত অন্তিম সময় গণনাত তেওঁৰ কণ্ঠস্বৰ আছিল ।

ISRO Scientist Valarmathi Died
ISRO Scientist Valarmathi Died
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 2:59 PM IST

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : শ্ৰীহৰিকোটাত ৰকেট উৎক্ষেপণৰ বাবে কাউণ্টডাউনত কণ্ঠ দিয়া ইছৰোৰ বিজ্ঞানী ভালাৰমতীৰ আকস্মিক মৃত্যুৱে সকলোকে মৰ্মাহত কৰিছে । দেওবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । দেশৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত অন্তিম সময় গণনাত তেওঁৰ কণ্ঠস্বৰ আছিল ।

ভালাৰমতী সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ৰেঞ্জ অপাৰেচন প্ৰ'গ্ৰাম অফিচৰ এক অংশ আছিল । তাত তেওঁ সকলো উৎক্ষেপণৰ কাউণ্টডাউন ঘোষণা কৰিছিল । উল্লেখ্য যে ১৪ জুলাইত চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল । ২৩ আগষ্টত লেণ্ডাৰ মডিউল (এলএম) বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ'ভাৰক লৈ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে । লগে লগে এই কৃতিত্ব অৰ্জন কৰা ভাৰত চতুৰ্থখন দেশ হৈ পৰে । আনহাতে, এই অৱতৰণে দেশক পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহৰ অজ্ঞাত দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপেও পৰিগণিত কৰায় । ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে জনোৱা মতে, চন্দ্ৰত থকা প্ৰজ্ঞান ৰ'ভাৰক শ্লিপিং মোডলৈ নিয়া হৈছে । মহাকাশ সংস্থাটোৱে ১৪ দিন পিছত ই পুনৰ জাগ্ৰত হ'ব বুলি আশা কৰিছে ।

ৰ'ভাৰটো দুটা পেলোডৰ সৈতে সজ্জিত । আলফা কণা এক্স-ৰে স্পেক্ট্ৰোমিটাৰ (এপিএক্সএছ) আৰু লেজাৰ ইনডিউচড ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (এলআইবিএছ) । লেণ্ডাৰৰ জৰিয়তে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰা পেলোডবোৰ বন্ধ কৰা হৈছে ।

প্ৰজ্ঞান ৰ'ভাৰ আৰু বিক্ৰম লেণ্ডাৰে মূল্যৱান বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰিবলৈ একেলগে কাম কৰি আছিল । এপিএক্সএছ আৰু এলআইবিএছ পেলোডবোৰ চন্দ্ৰৰ মাটি আৰু শিলৰ মৌলিক আৰু খনিজ গঠন বিশ্লেষণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে । যদি প্ৰজ্ঞান ৰ'ভাৰক সফলভাৱে জাগ্ৰত কৰিব পৰা নাযায়, তেন্তে ই ভাৰতৰ চন্দ্ৰ ৰাষ্ট্ৰদূত হিচাপে চিৰকাল চন্দ্ৰত থাকিব ।

লগতে পঢ়ক :ISRO Aditya L1 : আদিত্য এল-১ক নেতৃত্ব দিয়া নিগাৰ শাজীৰ এই অভিযান সম্পৰ্কে প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.