ETV Bharat / bharat

ভাইৰেল ভিডিঅ', সুৰংগৰ ভিতৰত কেনেকৈ আছিল শ্ৰমিকসকল ?

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:54 PM IST

প্ৰায় ১৭ দিন আৱদ্ধ হৈ আছিল চিল্কিয়াৰা সুৰংগৰ শ্ৰমিকসকল । শ্ৰমিকসকলে ভিতৰত কেনেকৈ দিন-ৰাতি অতিবাহিত কৰিছিল ? কি খাইছিল ? ক'ত শুইছিল ? এজন শ্ৰমিকে মোবাইলত সকলো দৃশ্য বন্দী কৰিছিল আৰু সেই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ।

Uttarkashi Tunnel viral video
সুৰংগৰ ভিতৰত কেনেকৈ আছিল শ্ৰমিকসকল
সুৰংগৰ ভিতৰত কেনেকৈ আছিল শ্ৰমিকসকল

নেশ্যনেল ডেস্ক,১ নৱেম্বৰ : শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত অৱশেষত উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগৰ পৰা ৪১ গৰাকী শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । তাৰ পাছতে সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টো সুৰংগৰ ভিতৰত আৱদ্ধ এগৰাকী শ্ৰমিকে প্ৰস্তুত কৰিছিল । ভিডিঅ'টোত, শ্ৰমিকজনে ধ্বংসাৱশেষৰ ফলত বন্ধ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যাবোৰ বৰ্ণনা কৰিছে ।

উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকল সম্প্ৰতি তেওঁলোকৰ নিজ নিজ ঘৰলৈ ৰাওনা হৈছে যদিও সকলোৱে জানিব বিচাৰে যে শ্ৰমিকসকলে প্ৰতিদিনে সুৰংগটোৰ ভিতৰত কেনেদৰে অতিবাহিত কৰিছিল । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টোত সেই বিষয়ে জানিব পৰা গৈছে । ভিডিঅ'টোত, শ্ৰমিকজনে কৈছে যে কেনেদৰে ৪১ গৰাকী শ্ৰমিক সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছিল । তেওঁলোকে কিমান দূৰৰ পৰা পানী আনিব লগীয়া হৈছিল । তেওঁলোকে সুৰংগটোত কেনেদৰে শুই আছিল ? তেওঁলোকে পাইপৰ জৰিয়তে কেনেকৈ আহাৰ লাভ কৰিছিল ? এই সকলোবোৰ ভিডিঅ'টোত দেখুওৱা হৈছে ।

ভিডিঅ'টো দেখিলে সহজে অনুমান কৰিব পাৰি যে কিমান সমস্যাৰ মাজেৰে শ্ৰমিকসকলে সুৰংগটোৰ ভিতৰত আছিল । ভিডিঅ'টো সুৰংগৰ ভিতৰত তেওঁলোকৰ অষ্টম বা নৱম দিনৰ আছিল । সন্মুখত জটিলতা দেখিও শ্ৰমিকসকল ভাগি পৰা নাছিল । যিটোৱে তেওঁলোকে সাহসিকতা দেখুৱাইছে ।

উল্লেখ্য যে ১২ নৱেম্বৰত দীপাৱলীৰ আনন্দৰ মাজতে উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল । ফলত ৪১ গৰাকী শ্ৰমিক সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল । দুৰ্ঘটনাৰ ১৭ দিনৰ অন্তত শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :সফল উদ্ধাৰৰ পাচত সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.