ETV Bharat / bharat

উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ, গ্ৰীণ ক'ৰিডৰেৰে নিয়া হ'ল হাস্পতাললৈ - Prime Minister Principal Secretary

অৱশেষত উত্তৰাখণ্ডৰ পৰা আহিল ভাল খবৰটো ৷ উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা 41 জন শ্ৰমিককে ইতিমধ্যে সুৰংগৰ পৰা উলিয়াই অনা হ’ল ৷

Uttarakhand Uttarkashi Silkyara Tunnel
অৱশেষত উত্তৰাখণ্ডৰ পৰা আহিল ভাল খবৰটো
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:14 PM IST

Updated : Nov 28, 2023, 10:04 PM IST

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : অৱশেষত উত্তৰাখণ্ডৰ পৰা আহিল ভাল খবৰটো ৷ অৱশেষত 398 ঘন্টাৰ যুদ্ধ জয় হৈছে ৷ কিয়নো উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা 41 জন শ্ৰমিকক আজি (মঙলবাৰ) নিশাই সুস্থ শৰীৰেৰে সুৰংগৰ পৰা উলিয়াই অনা হ’ল ৷ উদ্ধাৰ কৰা কেউজন শ্ৰমিককে তাৎক্ষণিকভাৱে গ্ৰীণ ক'ৰিডৰেৰে হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীও আৱদ্ধ হৈ আছিল উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত ৷ এই ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা আটাইকেইজন শ্ৰমিকৰ লগতে সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Uttarakhand Uttarkashi Silkyara Tunnel
উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ

জানিব পৰা মতে, সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীয়ে নিজে এম্বুলেঞ্চত উঠি হাস্পতাললৈ গৈছে ৷ বিগত 17 দিনে সুৰংগত আৱদ্ধ হৈ থাকিবও সম্ভৱত স্বাস্থ্য বেছিকৈ অৱনতি হোৱা নাছিল ৷ ছিল্কয়াৰাৰ পৰা অহা এই বাতৰি লাভ কৰি আনন্দৰ জোৱাৰ উঠিছে সঞ্জয় আৰু ৰামপ্ৰসাদৰ বাসগৃহত ৷

ইফালে ছিল্কয়াৰা সুৰংগৰ বাহিৰত ইতিমধ্যে বহু লোকৰ গোট খাইছে ৷ সকলোৰে মুখত হাঁহি বিৰিঙিছে, লগতে ইজনে আনজনক মিঠাই খুৱাই আনন্দৰ বহিঃপ্ৰকাশ কৰিছে ৷

ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও উদ্ধাৰকাৰী দল আৰু আৱদ্ধ শ্ৰমিকসকলক অভিনন্দন জনাইছে ৷ কেৱল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েই নহয়, সকলোৱে অভিনন্দন জনাইছে বিশেষকৈ বিগত প্ৰায় 27 ঘন্টা একেৰাহে উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ থকা 12 জন কৰ্মচাৰীক ৷

উল্লেখ্য যে, 28 নৱেম্বৰৰ দিনটো সকলোৰে বাবে স্মৰণীয় হৈ ৰ’ব ৷ যেতিয়াই উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগৰ প্ৰসংগ ওলাব, তেতিয়াই আজিৰ এই বিশেষ দিনটোৰ সকলোৱে স্মৰণ কৰিব ৷ সকলো জ্ঞাত যে, 12 নৱেম্বৰ অৰ্থাৎ দীপাৱলীৰ দিনাই সুৰংগত আৱদ্ধ হৈ পৰিছিল এই 41 জন শ্ৰমিক ৷ যিয়ে পালন কৰিব পৰা নাছিল দীপাৱলী ৷ এতিয়া সমগ্ৰ ভাৰতবাসীৰ সৈতে একেলগে 41 জন শ্ৰমিকৰ সৈতে পুনৰ দীপাৱলীৰ আনন্দ উল্লাস কৰিব ৷

লগতে পঢ়ক : স্বস্তিৰ নিশ্বাস ! কোকৰাঝাৰৰ ৰামপ্ৰসাদ আৰু সঞ্জয়ো সুৰংগৰ পৰা হ’ল মুক্ত

Last Updated : Nov 28, 2023, 10:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.