ETV Bharat / bharat

সুৰংগত আৱদ্ধ শ্ৰমিকৰ পৰিয়ালক সহায়ৰ আশ্বাস উত্তৰাখণ্ড চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:56 PM IST

চিল্কিয়াৰাৰ সুৰংগত আৱদ্ধ হৈ আছে ৪১ শ্ৰমিক । শ্ৰমিকসকলৰ উদ্বিগ্ন পৰিয়ালৰ সদস্যই বাহৰ পাতিছে উত্তৰাখণ্ডত । পৰিয়ালৰ সদস্যসকলক আৰ্থিক আৰু অন্যান্য সহায়ৰ বাবে আশ্বাস দিছে উত্তৰাখণ্ড চৰকাৰে ।

Uttarakhand government
সুৰংগত আৱদ্ধ শ্ৰমিকৰ পৰিয়ালক সহায়ৰ আশ্বাস উত্তৰাখণ্ড চৰকাৰৰ

নেশ্যনেল ডেস্ক,২০ নৱেম্বৰ : উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে । দুৰ্ঘটনাৰ আজি নৱম দিন । ৪১ জন শ্ৰমিক এতিয়াও আৱদ্ধ হৈ আছে সুৰংগটোত । যাৰ বাবে শ্ৰমিকসকলৰ পৰিয়ালৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । শ্ৰমিকসকলৰ অৱস্থা জানিবলৈ চিল্কিয়াৰাত ইতিমধ্যে উপস্থিত হৈছে পৰিয়ালৰ লোকসকল । এনে পৰিস্থিতিত উত্তৰাখণ্ড চৰকাৰে সেই পৰিয়ালৰ লোকসকলৰ ব্যয় বহন কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ লগতে, উত্তৰাখণ্ড চৰকাৰে শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাতৰ বাবে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজ ল'বলৈ উত্তৰকাশীলৈ তিনিজনীয়া বিষয়াৰ এটা দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ।

  • #WATCH उत्तरकाशी, उत्तराखंड: सुरंग में फंसे 41 श्रमिकों को बचाने के लिए DRDO की रोबोटिक्स मशीन टीम सिलक्यारा सुरंग स्थल पर पहुंची।

    (12 नवंबर को उत्तरकाशी में सिल्क्यारा सुरंग का एक हिस्सा ढह गया था।) pic.twitter.com/o2k3NSwWfb

    — ANI_HindiNews (@AHindinews) November 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি চৰকাৰে আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ আগমন, থকা, খাদ্য আৰু ভ্ৰমণৰ ব্যয় বহন কৰিব । একে সময়তে, আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়েও শ্ৰমিকসকলৰ গৃহ ৰাজ্যসমূহৰ বিষয়াসকলক তথ্য প্ৰদান কৰা হ'ব । আইএএছ ড০ নীৰজ খাইৰৱাল আৰু এছডিএম শৈলেন্দ্ৰ ইতিমধ্যে আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ সৈতে সমন্বয় ৰখাৰ বাবে দায়িত্ব দিয়া হৈছে ।

মুখ্যমন্ত্ৰী ধামীয়ে এই সন্দৰ্ভত কৈছে যে চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ কাম দ্ৰুত গতিত চলি আছে । এনে পৰিস্থিতিত, যদি সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালে তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিব বিচাৰিবলৈ আহে তেন্তে চৰকাৰে তেওঁলোকৰ সকলো খৰচ বহন কৰিব । জ্যেষ্ঠ বিষয়াসকলক ইয়াৰ দায়িত্ব দিয়া হৈছে । একে সময়তে, শ্ৰমিকসকলৰ গৃহ ৰাজ্যসমূহক উদ্ধাৰৰ বিষয়ে অৱগত কৰিবলৈ ঘটনাস্থলীলৈ তিনিগৰাকী বিষয়া প্ৰেৰণ কৰা হৈছে । তেওঁলোকে সকলো তথ্য প্ৰদান কৰাৰ লগতে নিৰ্দিষ্ট নিৰ্দেশনা দিব ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue operation | Drone visuals from the Silkyara tunnel, a part of which collapsed in Uttarkashi on November 12. pic.twitter.com/h8RIhGYSz3

    — ANI UP/Uttarakhand (@ANINewsUP) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী ধামীৰ মতে সুৰংগটোত উদ্ধাৰ কাৰ্যৰ লগতে শ্ৰমিকসকলৰ অৱস্থা জানিবলৈ অহা পৰিয়ালবোৰৰ সৈতে উন্নত সমন্বয় স্থাপন কৰা হৈছে আৰু প্ৰতি মুহূৰ্তৰ তথ্য প্ৰদান কৰা হৈছে । ইফালে দুৰ্ঘটনাৰ পাছতে উত্তৰকাশীত এটা আৰক্ষী নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছিল । য'ৰ পৰা আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালক প্ৰতিটো আপডেট দিয়া হৈছে ।

আইএএছ বিষয়া ড০ নীৰজ খাইৰৱালক কেন্দ্ৰীয় প্ৰতিষ্ঠান, সংস্থা আৰু বিশেষজ্ঞৰ এটা দলৰ সৈতে সমন্বয়ৰ দায়িত্ব দিয়া হৈছে । এছডিএম শৈলেন্দ্ৰ সিং নেগীক ইতিমধ্যে ব্যৱস্থাসমূহৰ তত্বাৱধানৰ বাবে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে । মুখ্যমন্ত্ৰী ধামীৰ নিৰ্দেশত গড়ৱালৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেয়ে হৰিদ্বাৰ এছডিএম মনীষ সিং, ডিএছঅ' তেজবল সিং আৰু ৰুদ্ৰপ্ৰয়াগৰ ডিপিএঅ' অখিলেশ মিশ্ৰক দলত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছে । এই তিনিগৰাকী বিষয়াই আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ বাবে খাদ্য, বাসস্থান আৰু পৰিবহণৰ ব্যৱস্থাৰ লগতে উদ্ধাৰ অভিযানৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিব ।

লগতে পঢ়ক :চিল্কিয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানৰ প্ৰগতিৰ প্ৰতিবেদন বিচাৰিছে পিএমঅ'ৰ বিশেষজ্ঞ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.