নিউজ ডেস্ক,১০ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণ । দেওবাৰে চামোলি জিলাৰ তপোৱন-ৰেনি অঞ্চলত সংঘটিত হিমবাহ বিস্ফোৰণৰ ফলত ধলিগঙ্গা আৰু অলকনন্দা নদীত ব্যাপক বানপানীৰ সৃষ্টি হৈছিল । যাৰ ফলত বহু বাসগৃহ আৰু ওচৰৰ ঋষিগঙ্গা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হয় । চামোলি জিলাত সংঘটিত এই বিস্ফোৰণত ইতিমধ্য়ে মৃত্য়ু হৈছে কেইবাজনো লোকৰ । ৰাজ্য় চৰকাৰে প্ৰকাশ কৰা মতে হিমবাহ বিস্ফোৰণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা এতিয়ালৈ ৩২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে তপোবনৰ সুৰঙ্গৰ ভিতৰত থকা ২৫ ৰ পৰা ৩৫ জন লোক আবদ্ধ হৈ থকাৰ লগতে ২০৬ জন লোক এতিয়ালৈ সন্ধানহীন হোৱাৰ খবৰ আহিছে । সুৰঙ্গৰ ভিতৰত আবদ্ধ লোকক উদ্ধাৰৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।
মঙলবাৰে নিশাও তপোবন সুৰঙ্গৰ ভিতৰত উদ্ধাৰ অভিযান অব্য়াহত আছিল । উদ্ধাৰ অভিযানকাৰী দলে সুৰঙ্গৰ ভিতৰৰ ধ্বংসাৱশেষবোৰ মুকলি কৰিছে । প্ৰায় ৩০ জন লোক এতিয়াও সুৰঙ্গৰ ভিতৰত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । বানৰ ফলত সুৰঙ্গৰ ভিতৰত জমা হোৱা বোকাবোৰ ইতিমধ্য়ে বিভিন্ন যন্ত্ৰৰে আঁতৰ কৰি মুকলি কৰা হৈছে । ইয়াৰ পিছতে পুৱা আইটিবিপি, এনডিআৰএফ আৰু কেইবাটাও সংস্থাৰ উদ্ধাৰকাৰী দল সুৰঙ্গৰ ভিতৰত প্ৰৱেশ কৰিছে । কিন্তু জানিব পৰা মতে এতিয়াও সুৰঙ্গৰ এটা বৃহৎ অংশ বোকা আৰু পানীৰে ভৰি আছে । যাৰ বাবে উদ্ধাৰকাৰী দল সমূহেও তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে । সমগ্ৰ বিষয়ৰ আলোচনাৰ বাবে বুধবাৰে সেনা, আইটিবিপি,এনডিআৰএফ,এছডিআৰএফ আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে এক বৈঠকত মিলিত হ'ব ।
জিলাখনৰ আৰক্ষীও ইতিমধ্য়ে সস্তম হৈ পৰিছে । উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহসমূহৰ তথ্য় সংগ্ৰহৰ বাবে আৰক্ষীয়ে এটা হেল্পলাইন নম্বৰো মুকলি কৰিছে । সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে আইন শাখাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ আৰু মৃতদেহ চিনাক্ত কৰিবলৈ ৰাইজৰ বাবে +৯১৭৫০০০১৬৬৬৬ হোৱাটছ এপ নম্বৰো মুকলি কৰা হৈছে । উদ্ধাৰ অভিযান চলাই থকা সংস্থাবোৰে তপোবনৰ ভিতৰ অংশ নিৰীক্ষণ কৰিবলৈ ড্ৰোণ কেমেৰাও ব্য়ৱহাৰ কৰিছে । ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত উল্লেখ কৰা মতে এই দুৰ্যোগত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে যুদ্ধকালীনভাৱে চেষ্টা অব্য়াহত ৰাখিছে উদ্ধাৰকাৰী দলসমূহে ।