ETV Bharat / bharat

ভাৰতীয় সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যুত শোক প্ৰকাশ আমেৰিকাৰ

author img

By

Published : Jul 17, 2021, 1:31 PM IST

সমগ্ৰ বিশ্বৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ' বাইডেন প্ৰশাসনেও (Biden administration) ভাৰতীয় সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

Danish Siddiqui death
ভাৰতীয় সাংবাদিক ডেনিছ চিদ্দিকীৰ মৃত্যুত শোক প্ৰকাশ আমেৰিকাৰ

নেশ্যনেল ডেস্ক, ১৭ জুলাই : আফগানিস্তানত নিৰাপত্তা বাহিনী আৰু তালিবানৰ সংঘৰ্ষ অব্যাহত আছে । এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহৰ বাবে গৈ ১৬ জুলাইত নিহত হয় ভাৰতীয় সাংবাদিক ডানিছ চিদ্দিকী (Danish Siddiqui) । উল্লেখ্য যে ২০১৮ চনত পুলিৎজাৰ বঁটা লাভ কৰা চিদ্দিকীয়ে ৰয়টাৰ্ছ সংবাদ সংস্থাৰ হৈ কাম কৰিছিল আৰু শুকুৰবাৰে পাকিস্তানৰ সীমান্তৰ সমীপৰ স্পিন বোল্ডক চহৰত নিহত হয় । মৃত্যুৰ সময়ত তেওঁ আফগান বিশেষ বাহিনীৰ সৈতে আছিল ।

ভাৰতীয় সাংবাদিকগৰাকীৰ মৃত্যুকলৈ এতিয়া সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাক গৰিহণা দিয়াৰ লগতে সকলো তেওঁৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰিছে । সমগ্ৰ বিশ্বৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ' বাইডেন প্ৰশাসনেও (Biden administration) সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

এগৰাকী শীৰ্ষ বিষয়াই সাংবাদিক গৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি কয় যে, ‘চিদ্দিকীক প্ৰায়ে পৃথিৱীৰ আটাইতকৈ জৰুৰী আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত বাতৰিবোৰ সংগ্ৰহ কৰে আৰু সেই সময়ত সংগ্ৰহ কৰা আকৰ্ষণীয় ফটোবোৰৰ বাবে তেওঁ বিশ্বত চৰ্চা লাভ কৰি আহিছে । ৰহিংগীয়া শৰণাৰ্থীৰ সংকট সম্পৰ্কে তেওঁৰ বিশেষ প্ৰতিবেদনৰ বাবে তেওঁক ২০১৮ চনত পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল ।’ লগতে বিষয়াগৰাকীয়ে কয় যে চিদ্দিকীৰ মৃত্যু কেৱল ৰয়টাৰ আৰু তেওঁৰ সংবাদ মাধ্যমৰ সহকৰ্মীসকলৰ বাবেই নহয়, বিশ্বৰ সকলোৰে বাবেই এক ডাঙৰ ক্ষতি ।

আফগানিস্তানৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত বহুতো সাংবাদিক নিহত হৈছে সেয়ে আমেৰিকাই সেই দেশখনত হিংসা বন্ধৰ বাবে আহ্বান জনাইছে । আফগানিস্তানত এক ন্যায়সংগত আৰু দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠা কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে চিনেট বৈদেশিক সম্পৰ্ক সমিতিৰ ৰেংকিং সদস্য চিনেটৰ জিম ৰিছে (Jim Risch) ভাৰতীয় সাংবাদিকগৰাকীৰ হত্যাত শোক প্ৰকাশ কৰিছে ।

তালিবানৰ আক্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সময়ত আফগানিস্তানত ৰয়টাৰ্ছৰ সাংবাদিক ডানিছ চিদ্দিকীৰ কৰুণ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সাংবাদিকৰ প্ৰত্যাহ্বানৰ কথা ভাবিবলৈ তেওঁ বাধ্য হৈছে । কৰ্মৰত অৱস্থাত কোনো সাংবাদিককে হত্যা কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ উল্লেখ কৰে । ৱাশ্বিংটন ডিচিত চিপিজেৰ এছিয়া কাৰ্যসূচী সমন্বয়ক (Asia program coordinator) ষ্টিভেন বাটলাৰে কয় যে ৰয়টাৰ্ছৰ ফটো সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যু এক কৰুণ ঘটনা ।

আনকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অংশীদাৰসকলে নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰাৰ সময়তো সাংবাদিকসকলে আফগানিস্তানত কাম কৰিছে আৰু তেওঁলোকে নিজৰ জীৱনৰ কথা চিন্তা নকৰি কেৱল বাতৰি সংগ্ৰহ কৰিছে । সেয়ে তেওঁ দাবী জনায় যে যুঁজাৰুসকলে সাংবাদিকসকলক সুৰক্ষা দিয়াৰ দায়িত্ব ল'ব লাগিব । কিয়নো এই সংঘৰ্ষত বহু সাংবাদিক নিহত হৈছে ।

লগতে পঢ়ক :মালিয়া, চ'ক্সি আৰু নীৰৱ মোডীৰ শ্বেয়াৰ বিক্ৰী কৰি ৭৯২.১১ কোটি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.