ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা আদিত্যনাথলৈ হত্যাৰ ভাবুকি - উত্তৰ প্ৰদেশ আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নিয়ন্ত্ৰণ কক্ষ

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ ১১২ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা হোৱাটছএপ বাৰ্তা যোগে প্ৰেৰণ কৰিছিল হত্যাৰ ভাবুকি ৷ তাৰ পাচতেই যোগী আদিত্যনাথে কাষ চাপিছিল উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰু সুশান্ত গ’ল্ফ চিটি আৰক্ষীত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ৷

উত্তৰ প্ৰদেশৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা আদিত্যনাথলৈ হত্যাৰ ভাবুকি

author img

By

Published : May 4, 2021, 11:51 AM IST

নেশ্যনেল ডেস্ক, 4 মে’: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কোনো অচিনাক্ত দুৰ্বৃত্তই বিগত ২৯ এপ্ৰিলত এটা হোৱাটছএপ বাৰ্তা যোগে প্ৰেৰণ কৰিছিল হত্যাৰ ভাবুকি ৷ তাৰ পাচতেই যোগী আদিত্যনাথে কাষ চাপিছিল উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰু সুশান্ত গ’ল্ফ চিটি আৰক্ষীত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ৷

উল্লেখ্য যে, যোগী আদিত্যনাথলৈ হত্যাৰ ভাবুকি অহা নম্বৰটো উত্তৰ প্ৰদেশৰ 112 ৰ নিয়ন্ত্ৰণ কক্ষৰ বুলি চিনাক্ত কৰা হৈছে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা বাৰ্তাটোৰ সন্দৰ্ভত নিৰীক্ষণ কোষৰ সহায়ত তদন্ত চলি আছে, যদিও সন্দেহজনক নম্বৰটোৰ সঠিক অৱস্থান সন্দৰ্ভত এতিয়াও কোনো তথ্য জানিব পৰা হোৱা নাই ।

আনহাতে, ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নিয়ন্ত্ৰণ কক্ষ 112ৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক AK47-ৰ দ্বাৰা হত্যাৰ ভাবুকি দিছিল ৷

বিগত ২৯ এপ্ৰিলত যোগী আদিত্যনাথলৈ অহা হোৱাটছএপ বাৰ্তাটোত লিখা আছিল যে, ‘‘মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰিম । যদি আপুনি পাৰে মোক বিচাৰি উলিয়াওক । চাৰি দিনৰ ভিতৰত আপুনি মোক যি পাৰে কৰিব ।’’

লগতে পঢ়ক: কমনৱেল্থ গেমছ ভিলেজৰ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.