ETV Bharat / bharat

School Headmaster Suspended: শিক্ষাৰ্থীৰ সন্মুখত উলংগ প্ৰধান শিক্ষক; হেৰুৱালে চাকৰি

author img

By

Published : Jul 28, 2023, 10:42 AM IST

ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উলংগ হৈ শুই থকা অৱস্থাত উদ্ধাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ এই ঘটনাৰ পাছতে খণ্ড শিক্ষা বিষয়াই কৰা প্ৰাথমিক তদন্তৰ ভিত্তিত প্ৰধান শিক্ষকজনক নিলম্বন কৰা হৈছে ৷

UP school headmaster suspended for sleeping naked
শ্ৰেণীকোঠাত উলংগ হৈ শুলে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক

নিউজ ডেস্ক, 28 জুলাই : চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড ৷ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উলংগ হৈ শুই থকা অৱস্থাত উদ্ধাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ পৰিণতিত চাকৰি হেৰুৱাব লগা হ’ল চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷ ইতিমধ্যে শিক্ষকজনৰ এই কু-কৰ্মৰ ভিডিঅ’ অনলাইযোগে বিয়পি পৰা পৰিলক্ষিত হৈছে ৷

খণ্ড শিক্ষা বিষয়াই কৰা প্ৰাথমিক তদন্তৰ ভিত্তিত প্ৰধান শিক্ষকজনক নিলম্বন কৰা হৈছে ৷ সূত্ৰ অনুসৰি ভাইৰেল ভিডিঅ'টোৰ সত্যতা এতিয়াও জানিব পৰা হোৱা নাই ৷ এই ঘটনাক লৈ ক্ষোভিত হৈ পৰা কেইবাজনো অভিভাৱকে দাবী কৰিছে যে, শিক্ষকজনৰ এনেধৰণৰ কাম এইয়াই প্ৰথম নহয় ৷

অভিভাৱকসকলে দাবী কৰে যে, শিক্ষকজনে প্ৰায়েই ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এনেধৰণৰ অশ্লীল কামত লিপ্ত হয় আৰু শ্ৰেণীকোঠাত কাপোৰ খুলি জিৰণি ল’ব বুলি কয় ৷ একাংশ অভিভাৱকে লগতে কয় যে, শিক্ষকজনৰ এই আচৰণৰ বাবেই ছাত্ৰী সকলে বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিছে ৷

বিষয়টো পোহৰলৈ অহাৰ লগে লগে প্ৰাথমিক শিক্ষা বিষয়াই (বি এছ এ) তদন্তৰ নিৰ্দেশ দিয়ে আৰু তাৰ পিছত প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰা হয় ৷ শিক্ষা বিষয়াগৰাকীয়ে কয় যে, শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ লাভ কৰা হৈছিল ৷ ব্লক শিক্ষা বিষয়াই কৰা প্ৰাৰম্ভিক তদন্তৰ ভিত্তিত তেওঁক নিলম্বন কৰা হয় বুলি কয় তেওঁ ৷

এই আশ্বৰ্যজনক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ বিশ্বেশ্বৰগঞ্জৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ৷ এই প্ৰথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকক সুৰাপান কৰি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উলংগ হৈ শুই থকা অৱস্থাত পোৱাৰ পিছত নিলম্বিত কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ঘটনাটোৰ এটা ভিডিঅ' অনলাইনত প্ৰচাৰ হৈছে, য'ত দুৰ্গা প্ৰসাদ জয়ছোৱাল নামৰ প্ৰধান শিক্ষকজনে এই অশ্লীল কাৰ্যত লিপ্ত হোৱা দেখা গৈছে ৷

লগতোে পঢ়ক : Manipur Violence: গুলী আৰু ধোঁৱাৰ মাজত মণিপুৰৰ বিষ্ণুপুৰ; উত্তেজনা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.