ETV Bharat / bharat

উত্তৰ প্ৰদেশ: ‘গে ডেটিং’ ৱেৱটাইটযোগে 4 লাখ টকা লোকচান এজন লোকৰ - লোকচান

ৰাজীৱ শ্ৰীবাস্তৱ নামৰ এজন 34 বৰ্ষীয় লোকে আন এজন 20 বছৰীয়া বি. কমৰ ছাত্ৰ ৰাজনীশ যাদৱৰ সৈতে PlanetRomeo নামৰ এটি সমকামীসকলৰ অৱসৰ বিনোদনৰ ৱেবচাইটযোগে যোগাযোগ কৰিছিল ৷

UP man lose around Rs 4 lakh on 'gay dating' website
‘গে ডেটিং’ ৱেৱটাইটযোগে 4 লাখ টকাৰ লোকচান উত্তৰ প্ৰদেশৰ লোকৰ
author img

By

Published : Jan 29, 2021, 10:36 PM IST

নেশ্যনেল ডেস্ক,29 জানুৱাৰী : চাইবাৰ ক্ৰাইমৰ ভাবুকিকো উপেক্ষা কৰি উত্তৰ প্ৰদেশৰ সংগম চহৰৰ এজন 34 বছৰীয়া লোকে ‘গে ৱেবচাইট’ অৰ্থাৎ সমকামীসকলৰ ৱেবচাইটযোগে এজন 20 বছৰীয়া ছাত্ৰৰ সৈতে অৱসৰ বিনোদনৰ বাবে গৈছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যুৱকজনে ঘৰ নিৰ্মাণৰ বাবে সাঁচি থোৱা 3,63,849 টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ৷

UP man lose around Rs 4 lakh on 'gay dating' website
‘গে ডেটিং’ ৱেৱটাইটযোগে 4 লাখ টকাৰ লোকচান উত্তৰ প্ৰদেশৰ লোকৰ

সূত্ৰই জনোৱা মতে, 34 বৰ্ষীয় ৰাজীৱ শ্ৰীবাস্তৱ নামৰ এজন লোকে ‘PlanetRomeo’ নামৰ এটি গে ৱেবচাইটৰ জৰিয়তে 20 বছৰীয়া বি. কমৰ ছাত্ৰ ৰাজনীশ যাদৱৰ সৈতে যোগাযোগ কৰে ৷

উত্তৰ প্ৰদেশৰ জ’নপুৰ নিৱাসী ৰাজনীশ যাদৱে শ্ৰীবাস্তৱক তেওঁৰ চহৰ ভ্ৰমণ কৰোৱাৰ প্ৰস্তাৱ দিছিল ৷ আইজি কেপি সিঙে জানিবলৈ দিয়া অনুসৰি, প্ৰয়াগৰাজ ৰেঞ্জত যাদৱে শ্ৰীবাস্তৱৰ ক্ৰেডিট, ডেবিট আৰু ম’বাইলৰ চিমকাৰ্ড চুৰি কৰে ৷ ইয়াৰ পাচতে নিজৰ নামত যুৱকজনে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ (UPI) আইডি বনাই লয় ৷ যেতিয়া শ্ৰীবাস্তৱে বেংকলৈ যায়, তেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁৰ একাউণ্টৰ পৰা 3,63,849 টকা হৰলুকি কৰা হৈছে ৷

আইজি সিঙে ইটিভি ভাৰতক জনায় যে, শুকুৰবাৰে ফোন কল ট্ৰেকিং চিষ্টেমৰ জৰিয়তে প্ৰৱঞ্চক যাদৱৰ সন্ধান উলিওৱা হয় আৰু অভিযুক্ত যাদৱৰ পৰা 1,50,000 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে । যাদৱে চুৰি কৰা বাকী ধনেৰে এখন বাইক আৰু অন্যান্য বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰিছে ৷

ইতিমধ্যে অভিযুক্ত যাদৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰু ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : কৰিমগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.