ETV Bharat / bharat

UP judge accidentally shoots self: উত্তৰ প্ৰদেশৰ আদালতত গুলীবিদ্ধ ন্যায়াধীশ - judge shoots himself in court

শনিবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ আদালতত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী ন্যায়াধীশে আদালতৰ চৌহদৰ ভিতৰত গাউন পিন্ধি থকা অৱস্থাত নিজা ৰিভলভাৰটোৰ পৰাই গুলীবিদ্ধ হয় ন্যায়াধীশ গৰাকী(UP judge accidentally shoots self) ।

UP judge accidentally shoots self
নিজৰ ৰিভলভাৰৰ গুলীত গুলীবিদ্ধ ন্যায়াধীশ
author img

By

Published : Jan 21, 2023, 8:19 PM IST

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী: উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ আদালত চৌহদত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা । কথমপি প্ৰাণ ৰক্ষা পৰে এজন ন্যায়াধীশৰ । মিৰ্জাপুৰ আদালতৰ চৌহদত গাউন পিন্ধি থকা অৱস্থাত এগৰাকী ন্যায়াধীশ তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো পৰি যোৱাৰ ফলত গুলীবিদ্ধ হয় ন্যায়াধীশগৰাকী(UP judge accidentally shoots self) ।

আঘাতপ্ৰাপ্ত ন্যায়াধীশগৰাকী অতিৰিক্ত জিলা ন্যায়াধীশ তালেৱাৰ সিং বুলি জানিব পৰা গৈছে । অতিৰিক্ত জিলা ন্যায়াধীশ তালেৱাৰ সিঙে মিৰ্জাপুৰ আদালত কমপ্লেক্সত তেওঁৰ চেম্বাৰৰ ভিতৰত তেওঁৰ গাউনৰ ভিতৰত ৰখা তেওঁৰ গুলীভৰ্তি ৰিভলভাৰটোৰ পৰা গুলীবৰ্ষণ হোৱাত আঘাতপ্ৰাপ্ত হয়(judge shoots himself in mirzapur) । ন্যায়াধীশগৰাকীৰ ভৰিত গুলী লাগে বুলি জানিব পৰা গৈছে ।

ঘটনা সংঘটিত হোৱাৰ লগে লগে গুলীবিদ্ধ অতিৰিক্ত জিলা ন্যায়াধীশ তালেৱাৰ সিঙক ভৰ্তি কৰোৱা হয় চহৰৰ এখন স্থানীয় চিকিৎসালয়ত । চিকিৎসকে গুলীটো তেওঁৰ ভৰিৰ পৰা উলিয়াই তেওঁক অন্যান্য প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে । মিৰ্জাপুৰ আৰক্ষীয়ে জনাই যে ন্যায়াধীশ তালেৱাৰ সিঙে চেম্বাৰত আদালতৰ গাউন পিন্ধি আছিল । ঠিক তেনে সময়তে তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো ভুলবশতঃ মাটিত পৰি যায় আৰু তাৰ ফলত তেওঁ গুলীবিদ্ধ হয়(judge shoots himself in uttar pradesh) ।

লগতে পঢ়ক: Ganja Smuggler Arrested : গাঞ্জা সৰবৰাহৰ অভিযোগত ডেৰাডুনত গ্ৰেপ্তাৰ মণিপুৰৰ ছাত্ৰ

ইফালে গুলীৰ শব্দ শুনাৰ লগে লগে আদালত চৌহদতত সৃষ্টি হয় এক অস্বাভাৱিক পৰিস্থিতিৰ । আদালত চৌহদত উপস্থিত অধিবক্তাসকলে ন্যায়াধীশগৰাকীক সহায় কৰিবলৈ তেওঁৰ চেম্বাৰলৈ দৌৰি যায় আৰু তেওঁলোকৰ সহায়তে ন্যায়াধীশগৰাকীক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । আনহাতে চিকিৎসকে জনোৱা অনুসৰি ন্যায়াধীশ তালেৱাৰ সিঙৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু বিপদমুক্ত(judge shoots himself in court ) ।

ঘটনা সন্দৰ্ভত মহানগৰৰ আৰক্ষী অধীক্ষক শ্ৰীকান্ত প্ৰজাপতিয়ে জনাই যে জিলা আদালতত তালেৱাৰ সিঙে গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হয় । ততাতৈয়াকৈ অধীক্ষকগৰাকী চিকিৎসালয়লৈ গৈছিল । য'ত ন্যায়াধীশগৰাকীয়ে আৰক্ষীক জনাই যে চেম্বাৰত তেওঁ গাউন পিন্ধি থাকোতে তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত ৰিভলভাৰটো পৰি যোৱাৰ ফলত তেওঁৰ ভৰিত গুলী লাগিছিল । সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায়পালিকাৰ সৈতে অধিক তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে আৰক্ষী অধীক্ষক শ্ৰীকান্ত প্ৰজাপতিয়ে ।

লগতে পঢ়ক: SSR birth anniversary: আজি বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.