ETV Bharat / bharat

অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ এজন সাংবাদিকৰ মৃত্যু : হত্যাৰ সন্দেহ

author img

By

Published : Nov 30, 2020, 12:29 PM IST

বাসগৃহত আকস্মিকভাৱে জুই লগাৰ ফলত অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ ৰাকেশ সিং নিৰ্ভীক নামৰ সাংবাদিক জনৰ লগতে তেওঁ লগত থকা এগৰাকী বন্ধুৰ মৃত্যু হয় ৷ সাংবাদিক গৰাকীৰ ঘৰত কোনো দুস্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে অগ্নি সংযোগ কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ লোকে ৷

up-journalist-burnt-to-death-in-balrampur
অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ এজন সাংবাদিকৰ মৃত্যুঃ

নিউজ ডেস্ক, 30 নৱেম্বৰঃ উত্তৰ প্ৰদেশৰ এজন স্থানীয় সাংবাদিকৰ মৃত্যু ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, নিজৰ বাসগৃহত আকস্মিকভাৱে জুই লগা ফলত অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ ৰাকেশ সিং নিৰ্ভীক নামৰ সাংবাদিক জনৰ লগতে তেওঁ লগত থকা বন্ধুজনৰ মৃত্যু হয় ৷ উক্ত ঘটনাৰ সময়ত সাংবাদিক গৰাকীৰ পৰিয়াল তথা পত্নী আৰু তেওঁৰ পুত্ৰ আত্মীয় ঘৰত আছিল বুলি সদৰি কৰিছে স্থানীয় আৰক্ষীয়ে ৷

ইফালে, সাংবাদিক গৰাকীৰ ঘৰত কোনো দুস্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে অগ্নি সংযোগ কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ লোকে ৷ সমান্তৰালভাৱে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ উল্লেখ্য যে, সাংবাদিক গৰাকীৰ পৰিয়ালক 5 লাখ টকা সাহায্য প্ৰদান কৰাৰ লগতে এটা চাকৰিৰ ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে ৷

লগতে পঢ়কঃআজিৰে পৰা আৰম্ভ হ’ল নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.