ETV Bharat / bharat

Joshimath disaster: ক্ষতিগ্ৰস্তসকলৰ বাবে এমাহৰ দৰমহা দান মুখ্যমন্ত্ৰী ধামীৰ

author img

By

Published : Jan 11, 2023, 4:28 PM IST

যোশীমঠৰ ভূমিস্খলনৰ ফলত ফাঁট মেলি ক্ষতিগ্ৰস্ত হোৱা অট্টালিকাসমূহৰ ধ্বংসকাৰ্য বুধবাৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে (Demolition in Joshimath ) ৷ ইতিমধ্যে মঙলবাৰে ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ (এছডিআৰএফ) (State Disaster Response Force) পৰা অহা কেইবাটাও দলে অঞ্চলটোত ধ্বংস অভিযান চলাবলৈ আহিছিল যদিও ইয়াক স্থগিত কৰি বুধবাৰলৈ পিছুৱাই দিয়া হৈছিল (Unsafe buildings will be demolished) ৷

Unsafe buildings will be demolished today in Joshimath
ক্ষতিগ্ৰস্তসকলৰ বাবে এমাহৰ দৰমহা দান মুখ্যমন্ত্ৰী ধামীৰ

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী: মাৰ যোৱা নাই উত্তৰাখণ্ডৰ যোশীমঠ ভূমিস্খলন ঘটনাৰ উত্তেজনা (Joshimath Landslide)৷ শেহতীয়াকৈ জিলা প্ৰশাসনে চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভূমিস্খলনৰ ফলত ফাঁট মেলি ক্ষতিগ্ৰস্ত হোৱা অট্টালিকাসমূহৰ ধ্বংস কৰিবলৈ মঙলবাৰে দুৰ্যোগ সহাৰি বাহিনীৰ আঠটা দল মোতায়েন কৰিছিল (Demolition in Joshimath)৷

প্ৰাৰম্ভিক পৰ্যায়ত দলকেইটাই আৱাসগৃহসমূহ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল যদিও স্থানীয় লোকৰ প্ৰতিবাদত সেও মানি তেওঁলোকে বুধবাৰলৈ ধ্বংস অভিযান স্থগিত কৰে (Unsafe buildings in Joshimath)৷ ইয়াৰ পিছতে আজি অৰ্থাৎ বুধবাৰে যোশীমঠত ধ্বংস অভিযান চলাৰ সম্ভাৱনা আছে (Unsafe buildings will be demolished)৷

উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশনা মৰ্মে যোশীমঠস্থিত হোটেল মাউণ্ট ভিউ আৰু মালাৰী ইনত সৰ্বাধিক ক্ষতি হৈছিল (Demolition of Malari Hotel in Joshimath) ৷ গতিকে প্ৰথমে উক্ত দুই হোটেলত ধ্বংস অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল এছডিআৰএফে ৷ কিন্তু ইয়াৰ পিছতে প্ৰশাসনিক বিষয়াসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে হোটেল দুখনৰ স্বত্বাধিকাৰীয়ে ইয়াৰ বিৰোধিতা কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ফলত মঙলবাৰে হোটেল দুখন ধ্বংস কৰিব পৰা নগ'ল (Action postponed due to protests)।

হোটেলৰ মালিকে অভিযোগ উত্থাপন কৰিছিল যে হোটেল দুখনৰ বিত্তীয় মূল্যাংকন কৰা হোৱা নাই, লগতে প্ৰশাসনৰ ফালৰ পৰা কোনো জাননী আগতীয়াকৈ প্ৰদান কৰা হোৱা নাছিল ৷ মালাৰী ইন হোটেলৰ স্বত্বাধিকাৰী টি সিং ৰাণা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ক্ষতিপূৰণৰ দাবী কৰি হোটেলৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

দুৰ্যোগ ব্যৱস্থাপনা সচিব ড০ ৰঞ্জিত সিনহাই এই সন্দৰ্ভত কৈছিল যে ওখ অট্টালিকাসমূহ ভাঙিবলৈ ক্ৰেইনৰ প্ৰয়োজন । সেই সময়ত তাত ক্ৰেইন পোৱা নগ'ল । সেয়েহে, ডেৰাডুনৰ পৰা ক্ৰেইনখন অহালৈ অপেক্ষা কৰিবলগীয়া হ’ল ৷ ডেৰাডুনৰ পৰা প্ৰেৰণ কৰা ক্ৰেইনখন বুধবাৰে যোশীমঠত উপস্থিত হ'বহি ।

ইফালে মুখ্যমন্ত্ৰীৰ সচিব মীনাক্ষী সুন্দৰমে কয় যে কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠানৰ (Central Building Research Institute) দলটো পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিল । সেয়েহে হোটেলৰ লগত আৱাসগৃহসমূহ ধ্বংস কৰা কাৰ্য প্ৰথম দিনাই আৰম্ভ হ'ব নোৱাৰিলে ।

ডেৰাডুনৰ মুখ্য সচিব ড০ এছ এছ সান্ধুৱে (Uttarakhand chief secretary SS Sandhu) মঙলবাৰে পুনৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত কৰে । সচিবগৰাকীয়ে বিপজ্জনক অৱস্থাত থকা অট্টালিকাসমূহ ভাঙি পেলাবলৈ নিৰ্দেশ দিছিল । অঞ্চলটোত এনেকুৱা এটাও অট্টালিকা থাকিব নালাগে য'ত জনজীৱন আৰু সম্পত্তিৰ ক্ষতি হ'ব পাৰে ৷

মঙলবাৰে প্ৰশাসনে আৰু অসুৰক্ষিত 45 টা অট্টালিকা চিনাক্ত কৰে । এনেদৰে এতিয়ালৈকে মুঠ 723 টা অট্টালিকা অসুৰক্ষিত বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ ভিতৰত, 86 টা অট্টালিকা সম্পূৰ্ণৰূপে অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছে আৰু ৰেড চিগনেল জাৰি কৰা হৈছে। অচিৰেই এই অট্টালিকাবোৰ ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ।

এতিয়ালৈকে চামোলী জিলা প্ৰশাসনৰ দ্বাৰা 462 টা পৰিয়াল অস্থায়ীভাৱে স্থানান্তৰ কৰা হৈছে । মঙলবাৰে 381 জন লোকক তেওঁলোকৰ ঘৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল । ইয়াৰ পূৰ্বে 81 টা পৰিয়াল সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছিল । প্ৰশাসনে এতিয়ালৈকে বিভিন্ন প্ৰতিষ্ঠান আৰু ভৱনত মুঠ ৩৪৪ টা কোঠাত দুৰ্যোগপীড়িতলোকসকলক থাকিবলৈ ব্যৱস্থা কৰি দিছে ৷ এতিয়ালৈ মুঠ ১,৪২৫ জন লোকক থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছে ।

স্মৰ্তব্য যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যোশীমঠ দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (Chief Ministers Relief Fund) এমাহৰ দৰমহা সাহায্য হিচাপে দান কৰিছে । যোশীমঠৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে তেওঁ সদায় থকাৰ উল্লেখ কৰি কয় যে তেওঁলোকক সকাহ দিয়াৰ বাবে সকলো সম্ভৱ পদক্ষেপ লোৱা হৈছে (CM Dhami gave one month salary)। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পুঁজি যোশীমঠৰ দুৰ্যোগপীড়িত পৰিয়ালসমূহক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হ'ব ।

লগতে পঢ়ক: Joshimath sinking: যোশীমঠত ক্ষতিগ্ৰস্ত অট্টালিকাসমূহ ধ্বংস এছডিআৰএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.