ETV Bharat / bharat

ভৱিষ্যতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থাকিব বিৰোধী: সাংসদ চৈয়দ নাছিৰ হুছেইন - protest on pegasus

ৰাহুল গান্ধীয়ে আহ্বান কৰা সংসদৰ চাহমেলত অংশগ্ৰহণ কৰে ১৫ টাকৈ দলৰ ১০০ৰো অধিক সাংসদে । কৃষি আইনৰ বিৰুদ্ধে আৰু পেগাচাছ স্পাইৱেৰৰ বিৰুদ্ধে সংসদত প্ৰায় প্ৰতিটো বিৰোধী দলে একেলগে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । যাৰ বাবে এই বৈঠকত বিৰোধী দলসমূহে একগোট হোৱা দেখা গ'ল ।

opposition to continue protests
ভৱিষ্যতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থাকিব বিৰোধী
author img

By

Published : Aug 4, 2021, 2:36 PM IST

নেশ্যনেল ডেস্ক, ৪ আগষ্ট: সংসদত একগোট হ'ল বিৰোধী দলৰ নেতাসকল । ৰাহুল গান্ধীয়ে (Rahul Gandhi) আহ্বান কৰা সংসদৰ চাহমেলত অংশগ্ৰহণ কৰে ১৫ টাকৈ দলৰ ১০০ৰো অধিক সাংসদে । অৱশ্যে আম আদমী পাৰ্টি (Aam Aadmi Party) আৰু বহুজন সমাজ পাৰ্টিয়ে (Bahujan Samaj Party) আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে ।

উল্লেখ্য যে, কৃষি আইন আৰু পেগাচাছ স্পাইৱেৰৰ (Pegasus spyware) বিৰুদ্ধে সংসদত প্ৰায় প্ৰতিটো বিৰোধী দলে একেলগে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । যাৰ বাবে এই বৈঠকত বিৰোধী দলসমূহে একগোট হোৱা দেখা গ'ল । বৈঠকৰ পাচতে ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ চৈয়দ নাছিৰ হুছেইনে (Syed Naseer Hussain) কয় যে, যোৱা দুসপ্তাহৰ পৰা সকলো বিৰোধী দলে এই বিষয়বোৰত ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

কৃষি আইন, মূল্যবৃদ্ধি আৰু পেগাচাছ সম্পৰ্কত চৰকাৰক সঠিক আলোচনা কৰিবলৈও আহ্বান জনোৱা হৈছে । কিন্তু, চৰকাৰে এই বিষয়বোৰ আলোচনা কৰিবলৈ আগবাঢ়ি অহা নাই । গতিকে দলবোৰৰ মাজত এই ঐক্য অনাগত দিনবোৰত অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে ।

এই বৈঠকৰ পাচতে বিৰোধী সাংসদসকলে ইন্ধনৰ বৰ্ধিত মূল্যক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে এক চাইকেল ৰেলী উলিয়াই । নেতাসকলে সংবিধান ক্লাবৰ পৰা সংসদলৈ চাইকেল ৰেলী উলিয়াই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিয়ে আৰু মূল্যবৃদ্ধি ৰোধৰ দাবী জনায় । মূল্যবৃদ্ধি সন্দৰ্ভত সাংসদ চৈয়দ নাছিৰ হুছেইনে কয় যে, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে সাধাৰণ লোকক ।

পেগাচাছ সন্দৰ্ভত বিৰোধীৰ ৰণনীতিৰ বিষয়ে সোধাত তেওঁ কয় যে, এতিয়ালৈকে বিৰোধীয়ে পেগাচাছ বিষয়ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আলোচনাও বিচাৰিছে । অৱশ্যে পৰৱৰ্তী ৰণনীতিৰ সন্দৰ্ভত যেতিয়াই কোনো সিদ্ধান্ত লোৱা হ'ব সংবাদ মাধ্যমক অৱগত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । কিন্তু, চৰকাৰে এই বিষয়টো আলোচনাৰ পৰা বিৰত আছে ৷ কাৰণ তেওঁলোকে জানে যে, তেওঁলোকে কেৱল বিৰোধী নেতাসকলৰ সন্দৰ্ভতেই নহয়, ন্যায়াধীশ, সাংবাদিক আৰু সেনা বিষয়াৰ ওপৰতো নিৰীক্ষণ কৰি তেওঁলোক হাতে লোটে ধৰা পৰিছে ।

তেওঁলোকে জানে যে, এই বিষয়ত তেওঁলোকৰ ক'বলৈ একো নাই আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে আলোচনা কৰিবলৈ সাজু নহয় বুলি সাংসদগৰাকী অভিযোগ উত্থাপন কৰে । কংগ্ৰেছ সাংসদজনে স্পষ্ট কৰি দিয়ে যে বিৰোধীয়ে আগন্তুক দিনতো তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিব । জানিব পৰা মতে বিৰোধীয়ে "মক সংসদ"(Mock Parliament) কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা চিন্তা কৰিছে যিহেতু কেন্দ্ৰই এতিয়ালৈকে সংসদত পেগাচাছৰ ওপৰত আলোচনা কৰাৰ দাবী মানি লোৱা নাই ।

লগতে পঢ়ক :এছ জয়শংকৰক ফোন কৰি কি আহ্বান জনালে আফগানিস্তানৰ মন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.