ETV Bharat / bharat

মুন্না-মমতাৰ বিবাহক লৈ ভগলপুৰত বিশেষ চৰ্চা - বিহাৰৰ ভগলপুৰ চৰ্চাত আহিছে এখন বিবাহ

বিহাৰৰ ভগলপুৰত শেহতীয়াকৈ চৰ্চালৈ আহিছে এখন বিবাহ(Unique marriage in Bhagalpur) । বিবাহ অনুষ্ঠানৰ ধৰ্মীয় ৰীতি-নীতি, বেণ্ড পাৰ্টী, ডিজে-চাউণ্ড সকলোবোৰ সাধাৰণ বিবাহৰ দৰেই আছিল । কিন্তু তাৰ পাছতো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এই বিবাহে ৷ কিন্তু কিয় চৰ্চাত আহিছিল এই বিবাহ, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

unique-marriage-in-bhagalpur
বিহাৰৰ ভগলপুৰ এখন বিশেষ বিবাহ
author img

By

Published : May 4, 2022, 10:52 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : জোৰা ভগৱানে বনায় ৷ পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰে এগৰাকী সংগী স্বৰ্গতে নিৰ্ধাৰণ কৰি পঠোৱা হয় ৷ এই কথাষাৰ সত্যত পৰিণত হৈছে বিহাৰৰ ভগলপুৰত ৷ ভগলপুৰত চৰ্চালৈ আহিছে এখন বিবাহ । বিবাহ অনুষ্ঠানটোত সকলোৰে মূল আকৰ্ষণ আছিল দৰা-কইনা ৷

এই অনন্য বিবাহৰ বিষয়ে গম পোৱাৰ লগে লগে বিয়াঘৰত মানুহৰ ব্যাপক ভিৰ হ’বলৈ ধৰে(Unique marriage in Bhagalpur) । বহুলোকে নিমন্ত্ৰণ নোহোৱাকৈ উপস্থিত হৈছিল বিয়াঘৰত ৷ সকলোৱে ছেলফি আৰু ফটো তোলাত ব্যস্ত হৈ পৰে ৷ কিন্তু কিয় ইমান চৰ্চাত আহিছিল এই বিবাহ অনুষ্ঠান ? আচলতে এই বিয়াখনত মূল আকৰ্ষণ আছিল দৰা আৰু কইনাৰ উচ্চতা(Ajab Gajab Shadi ) ৷ দৰাৰ উচ্চতা 36 ইঞ্চি, আনহাতে কইনাৰ উচ্চতা দুই ইঞ্চি কম অৰ্থাৎ 34 ইঞ্চি ।

unique-marriage-in-bhagalpur
বিহাৰৰ ভগলপুৰ এখন বিশেষ বিবাহ

ভগলপুৰ জিলাৰ নৱগাচিয়াৰ গোপালপুৰ খণ্ডত এই বিবাহ অনুষ্ঠিত হৈছিল ৷ নৱগাচিয়াৰ অভিযান বজাৰৰ বাসিন্দা কিশোৰী মণ্ডল ওৰফে গুজো মণ্ডলৰ জীয়ৰী মমতা কুমাৰী (২৪) মাচাৰুৰ বাসিন্দা বিন্দেশ্বৰী মণ্ডলৰ পুত্ৰ মুন্না ভাৰতীৰ (২৬) সৈতে বিবাহপাশত আৱদ্ধ হৈছে । দৰা মুন্না ভাৰতীৰ উচ্চতা ৩৬ ইঞ্চি অৰ্থাৎ তিনি ফুট আৰু কইনা মমতা কুমাৰীৰ উচ্চতা ৩৪ ইঞ্চি অৰ্থাৎ ২.৮৬ ফুট ।

unique-marriage-in-bhagalpur
বিহাৰৰ ভগলপুৰ এখন বিশেষ বিবাহ

মুন্না আৰু মমতালৈ চাই কেৱল ক'ব পাৰি যে দম্পতীহালৰ জোৰা স্বৰ্গত বনোৱা হৈছিল ৷ বিয়াৰ সময়ত কইনা আৰু দৰাৰ উচ্চতা আলোচনাৰ বিষয় হৈ আছিল । গাঁওবাসীয়ে কৈছিল যে দুয়োজনৰ জোৰটো যথেষ্ট ভাল । একে সময়তে, মুন্নাই (দৰা) কৈছিল যে "মই মোৰ কইনাক সুখী ৰাখিম আৰু কোনো ধৰণৰ সমস্যা নহ'ব ।" মুন্না লাইলাখৰ এটা নৃত্য পাৰ্টিত শিল্পী হিচাপে কাম কৰে ।

লগতে পঢ়ক : সামাজিক মাধ্যমত পাকিস্তানৰ চোৰাংচোৱাগিৰী কৰি পাঠানকোটত গ্ৰেপ্তাৰ হ’ল এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.