ETV Bharat / bharat

Chhattisgarh Election 2023: ছত্তীশগড়ৰ নিৰ্বাচনী সভাত কংগ্ৰেছ চৰকাৰক মিছলীয়া আখ্যা ৰামেশ্বৰ তেলীৰ - claimed BJP victory in chhattisgarh

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সোমবাৰে ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে ৷ বিজেপি প্ৰাৰ্থী ৰাকেশ যাদৱৰ ৰোড শ্ব’ আৰু সভাত অংশগ্ৰহণ কৰি তেওঁ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে । ৰামেশ্বৰ তেলীয়ে কয় যে ৰাজ্যৰ ভূপেশ বাঘেলৰ চৰকাৰখন মিছা আৰু দুৰ্নীতিৰ আধাৰত চলি আছে ।

Balod Rameshwar Teli Companing
Chhattisgarh Election 2023
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:26 PM IST

ছত্তীশগড়ৰ নিৰ্বাচনী সভাত কংগ্ৰেছ চৰকাৰক মিছলীয়া আখ্যা ৰামেশ্বৰ তেলীৰ

নিউজ ডেস্ক, 6 নৱেম্বৰ: ছত্তীশগড়ত মঙলবাৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নিৰ্বাচনী বিধি অনুসৰি 5 নৱেম্বৰৰ বিয়লি অন্ত পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ কিন্তু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে ৷ ছত্তীশগড়ৰ শাসনৰ বাঘজৰী কংগ্ৰেছৰ হাতৰ পৰা আঁজুৰি আনিবলৈ বিজেপিয়ে ৰণক্ষেত্ৰত নমাইছে দলটোৰ ৰথী-মহাৰথীক ৷ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ছত্তীশগড়ত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

সঞ্জৰী বালোদ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাকেশ যাদৱৰ হৈ ৰোড শ্ব' আৰু ৰাজহুৱা সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে । গুৰুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি ৰামেশ্বৰ তেলীয়ে কয় যে কংগ্ৰেছৰ চৰকাৰ এখন মিছা চৰকাৰ । কংগ্ৰেছক এটা প্ৰশ্ন কৰি তেওঁ কয় যে 2018 চনৰ পৰা আমাৰ অসমৰ প্ৰভাৰী ভূনেশ্বৰ কলিতা যেতিয়া নেতৃত্বত অধিষ্ঠিত হৈ আছিল তেতিয়া তাম্ৰধ্বজ চাহুক মুখ্যমন্ত্ৰী পতাৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু তাম্ৰধ্বজ চাহু মুখ্যমন্ত্ৰী হ’ল নেকি ? এইখন মিছলীয়াৰ চৰকাৰ । সত্যৰ আশা কৰাটো অৰ্থহীন ।

ৰামেশ্বৰ তেলীয়ে খেলিলে সনাতনী কাৰ্ড : প্ৰচাৰৰ সময়ত সনাতন ধৰ্মৰ বিষয়ে উল্লেখ কৰি ৰামেশ্বৰ তেলীয়ে কয়, ‘‘আমি গৌৰৱেৰে কওঁ যে আমি হিন্দু, সনাতনী ।’’ তেলীয়ে মঞ্চৰ পৰাই ঘোষণা কৰিলে যে আমি ৰামৰ দৰ্শনৰ বাবে ৰামভক্তসকলক বিশেষ পেকেজ দিম, যাতে ভক্তসকলে সহজে অযোধ্যালৈ গৈ ৰামৰ দৰ্শন কৰিব পাৰে । ৰাজ্য চৰকাৰক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে চৰকাৰে কেন্দ্রীয় পুঁজিৰ ধন অন্য কামত খৰচ কৰি মানুহৰ কষ্টোপাৰ্জিত ধনৰ অপচয় কৰিছে ৷

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলে যিদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বক্তব্য দিছে, তাৰ পৰা এই কথা স্পষ্ট হৈছে যে অনাগত দিনত এই ৰাজনৈতিক যুঁজখন তীব্ৰতৰ হৈ পৰিব । বিজেপিয়েও সনাতন ধৰ্মৰ সহায়ত ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিছে । সেইটোত তেওঁলোকে কিমান সফলতা লাভ কৰিব সেয়া কোৱা টান । ধৰ্ম আৰু ৰাজনীতিৰ বিষয়ৰ উৰ্ধত গৈহে এইবাৰ জনসাধাৰণে ভোটদান কৰিব বুলি একাংশই ক’ব খোজে । জনসাধাৰণেও সিদ্ধান্ত লৈছে যে তেওঁলোকে কেৱল উন্নয়নৰ বিষয়টোতে ভোট দিবলৈ ওলাইছে ।

লগতে পঢ়ক: Chhattisgarh Election 2023 : মাওবাদী অধ্যুষিত অঞ্চলত দলীয় কৰ্মীক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.