ETV Bharat / bharat

Manipur Violence:কেন্দ্ৰীয় গৃহমন্ত্ৰীক ম্যানমাৰৰ অনুপ্ৰৱেশ সম্পৰ্কে বিৱৰণ প্ৰদানৰ দাবী মণিপুৰৰ ১০ জন বিধায়কৰ

author img

By

Published : Aug 11, 2023, 10:52 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ সবিশেষ আৰু তেওঁলোকৰ কুকি, জো আৰু মাৰ সম্প্ৰদায়ৰ গাঁও প্ৰতিৰক্ষাৰ প্ৰচেষ্টাত অংশগ্ৰহণৰ প্ৰমাণ দাখিল কৰিব লাগে বুলি শুকুৰবাৰে মণিপুৰৰ ১০ জন কুকি, জোমি আৰু মাৰ বিধায়কে দাবী জনায় ।

Manipur
Manipur

নেশ্যনেল ডেস্ক, 11 আগষ্ট : শুকুৰবাৰে মণিপুৰৰ দহজন কুকি, জোমি আৰু মাৰ জনগোষ্ঠীৰ বিধায়কে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক, মণিপুৰত চলি থকা জাতিগত সংঘৰ্ষৰ মূল কাৰণ বুলি চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰা বুলি দাবী কৰা সন্দৰ্ভত, বিৱৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে । “আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ম্যানমাৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৱৰণ আৰু কুকি, জো আৰু মাৰ গাওঁসমূহৰ গাওঁ প্ৰতিৰক্ষা প্ৰচেষ্টাত তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰমাণ দাখিল কৰিবলৈ আহ্বান জনাইছো । আমি ছলিচিটৰ জেনেৰেলক অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ ইম্ফল শৱগৃহত পৰি থকা মৃতদেহৰ প্ৰমাণ দাখিল কৰিবলৈও অনুৰোধ জনাইছো, আৰু এই ক্ষেত্ৰত বিফল হ’লে আমি আইনী আশ্ৰয় লম," ১০ জন বিধায়কে এক বিবৃতিত কয় ।

বিধায়ক হাওখোলেট কিপগেন, কিম্নেও হাওকিপ হাংছিং, এলএম খাউটে, নগুৰচাংলুৰ চানাটে, লেটপাও হাওকিপ, লেটজামানগ হাওকিপ, চিনলুনথাং, নেমচা কিপগেন, পাওলিয়েনলাল হাওকিপ আৰু ভুংজাগিন ভাল্টেই অমিত শ্বাহ আৰু তুষাৰ মেহতাক তেওঁলোকৰ শেহতীয়া মন্তব্যৰ বাবে সমালোচনা কৰে । বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত ভাষণ দি কৈছিল যে মণিপুৰত চলি থকা অস্থিৰতাৰ মুখ্য কাৰণ হৈছে ম্যানমাৰৰ পৰা অবৈধ অনুপ্ৰৱেশ ।

আনহাতে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কোৱা মতে মণিপুৰত জাতিগত হিংসাৰ সৈতে সম্পৰ্কিত বেছিভাগ দাবীহীন মৃতদেহ সেই "অনুপ্ৰৱেশকাৰী"সকলৰ । "যদিও আমাৰ লোকসকল, আমাৰ গাওঁসমূহ এতিয়াও মণিপুৰ আৰক্ষীৰ নেতৃত্বত মেইটেই আক্ৰমণকাৰীসকলৰ দ্বাৰা নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হৈ আছে, এইটো হতাশাজনক যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত কৈছিল যে, কুকি-জোমি-মাৰ লোকসকলৰ সৈতে জাতিগত সংঘৰ্ষ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশৰ ফলত হোৱা এক হিংসাত্মক পৰিস্থিতি । আমি ছলিচিটৰ জেনেৰেলক অবৈধ অনুপ্ৰৱেশকাৰীৰ ইম্ফল শৱগৃহত মৃতদেহৰ প্ৰমাণ দাখিল কৰিবলৈ অনুৰোধ জনাইছো," ১০ জন বিধায়কে কয় ৷

বৃহস্পতিবাৰে এই ১০ জন বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ দাখিল কৰি, মেইটেই সম্প্ৰদায়ৰ মণিপুৰৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ দাবী, গ্ৰহণ নকৰিবলৈ আহ্বান জনায় । ইফালে, ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামে (আইটিএলএফ) মেইটেই অসামৰিক সংগঠন আৰু মীৰা পাইবিসকলক মণিপুৰৰ কুকি-জো অঞ্চলত প্ৰৱেশ নকৰিবলৈ সতৰ্ক কৰি দিছে । আসন্ন দেওবাৰে মেইটেই অসামৰিক সংগঠনসমূহে আয়োজন কৰা এক সমদলৰ কথা উল্লেখ কৰি আইটিএলএফে কয় যে ১৩ আগষ্টত কাংগুইৰ পৰা লামকালৈ অনুষ্ঠিত হ'বলগীয়া মেইটেই অসামৰিক সংগঠন আৰু মীৰা পাইবিছৰ পৰিকল্পিত সমদলটোৱে ৰাজ্যখনৰ অস্থিৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব ।

ইপিনে কুকি জনজাতীয় সংগঠনটোৱে তেওঁলোকৰ ১০ জন বিধায়কক ২১ আগষ্টৰ মণিপুৰ বিধান সভাৰ বিশেষ সত্ৰত উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ কৈছে । আইটিএলএফে কয়, "২১ আগষ্টত অনুষ্ঠিত হ'বলগীয়া মণিপুৰ বিধান সভাৰ বিশেষ সত্ৰত কোনো কুকি-জো জনজাতীয় বিধায়কে কোনো ধৰণে বা অংশগ্ৰহণ নকৰাটো কঠোৰভাৱে বাধ্যতামূলক।" উল্লেখ্য যে, মণিপুৰ চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্যপাল অনুসূয়া উইকীয়ে ২১ আগষ্টত মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ এক বিশেষ বিধানসভা অধিৱেশন আহ্বান কৰিছে ।

লগতে পঢ়ক : Manipur Violence: হিংসাত্মক কামত যোগদান কৰিবলৈ মণিপুৰত প্ৰৱেশ কৰিব পাৰে বিদ্ৰোহী গোট:চোৰাংচোৱাৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.