ETV Bharat / bharat

তান্ত্ৰিক আৰু পঞ্জিকাক অনুসৰণ কৰি কে চি আৰে সলালে দলৰ নাম : সীতাৰমণ

author img

By

Published : Oct 9, 2022, 12:38 PM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও চমুকৈ কেচিআৰে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তেওঁৰ দ্বাৰা গঠিত ৰাজনৈতিক দলৰ নাম সলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (Union Finance Minister Nirmala Sitharaman)৷

union-finance-minister-nirmala-sitharaman-reaction-on-bharat-rashtra-samithi-formed
Lok Sabha election 2024: বিজেপিক পৰাভূত কৰাৰ বাবেই সলালে দলৰ নাম

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ : 2024 চনত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনক লক্ষ্য কৰি প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে ৰাজনৈতিক ৰণকৌশল (Lok Sabha election 2024)৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও চমুকৈ কেচিআৰে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তেওঁৰ দ্বাৰা গঠিত ৰাজ্যিক ৰাজনৈতিক দল 'তেলেংগানা ৰাষ্ট্ৰ সমিতি'ক নতুনকৈ নামাকৰণ কৰে ‘ভাৰত ৰাষ্ট্ৰ সমিতি’ নামেৰে (Bharat Rashtra Samithi) ৷

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াভাৱে এই বিষয়টো লৈ তীক্ষ্ণ সমালোচনা আগবঢ়োৱা পৰিলক্ষিত হৈছে (Union Finance Minister Nirmala Sitharaman) ৷ বিত্তমন্ত্ৰীগৰাকীয়ে ইচ্ছাকৃতভাৱে তান্ত্ৰিক আৰু পঞ্জিকাক অনুসৰণ কৰি তেওঁৰ দলৰ নাম 'তেলেংগানা ৰাষ্ট্ৰ সমিতি' কৰিলে বুলি উল্লেখ কৰে সীতাৰমণে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওে তান্ত্ৰিক আৰু গাণনিকৰ পৰামৰ্শ অনুযায়ী সচিবালয়লৈ যোৱা বন্ধ কৰি দিয়াৰ লগতে চন্দ্ৰশেখৰৰ কেবিনেটত বহু বছৰ ধৰি মহিলাকো নিযুক্তি দিয়া নাই বুলি কয় ৷

এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ দলৰ নাম সলায় নতুনকৈ নামাকৰণ কৰিলে ৷ তেলেংগানাৰ জনসাধাৰণ আৰু তেলুগু ভাষাক প্ৰতাৰিত কৰাৰ পাছত এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক ৰাজনৈতিক দলটিক ৰাষ্ট্ৰীয় দল হিচাপে আত্মপ্ৰকাশ কৰোৱায় ৷ নতুন দলটো বিফল হোৱাটো নিৰ্ধাৰিত বুলি ইতিমধ্যে ভৱিষ্যত বাণী কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

তেলেংগানাৰ আৱেগ পূৰণৰ বাবে টি আৰ এছ দল গঠন কৰা হৈছিল যদিও দলৰ লক্ষ্য উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক ৰাষ্ট্ৰীয় দল আৰম্ভ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে কেচিআৰে ইচ্ছাকৃতভাৱে তেওঁৰ দলৰ টি আৰ এছৰ নাম সলনি কৰি ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) কৰিলে কোৱল মাত্ৰ তন্ত্ৰিকসকলৰ পৰামৰ্শ মানি ।

দলটো আৰম্ভ কৰাৰ পূৰ্বে তেলেংগানাবাসীক প্ৰয়োজন অনুসাৰে পুঁজি, পানী আৰু নিযুক্তি প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও তেনে কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা দেখিবলৈ পোৱা নগ'ল দলটোক ৷ সামাজিক ন্যায় আৰু মহিলা সবলীকৰণক (Women empowerment) বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও 2014 ৰ পৰা 2018 পৰ্যন্ত চাৰি বছৰ ধৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্ত্ৰী সভাত এগৰাকীও মহিলা মন্ত্ৰী নাছিল বুলি চন্দ্ৰশেখৰক সমালোচনা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

আনকি চন্দ্ৰশেখৰ পুনৰ্নিবাচিত হোৱাৰ পাছতো তেওঁৰ মন্ত্ৰীসভাত এগৰাকীও মহিলা মন্ত্ৰী নাছিল বুলি প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ তেলেংগানা এখন ৰাজহ উদ্বৃত্ত ৰাজ্য আৰু ৰাজ্যখনে ঋণ ল’বলগীয়া হৈছে 3 লাখ কোটি টকাৰ ৷ ঋণ-জিএছডিপিৰ অনুপাতে প্ৰায় 25 শতাংশ স্পৰ্শ কৰিছে বুলি তেওঁ কয় । বিতৰ্কিত কলেশ্বৰাম লিফ্ট জলসিঞ্চন প্ৰকল্পৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰকল্পটো 40 হাজাৰ কোটি টকাৰ বাজেটেৰে সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও বৰ্তমান সেই পৰিমাণ বৃদ্ধি হৈছে 1 লাখ 40 হাজাৰ কোটি টকা পৰ্যন্ত ৷ অৱশ্যে বৃদ্ধিৰ কাৰণসমূহৰ কোনো ব্যাখ্যা আগবঢ়োৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

নিযুক্তিৰ প্ৰতিশ্ৰুতি সন্দর্ভত সীতাৰমণে কয় যে টি আৰ এছ চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰা নাই আৰু মানুহক প্ৰতাৰণা কৰিছে ৷ তেওঁ লগতে কয় যে পুজিঁ, পানী আৰু নিযুক্তি তিনিওটা প্ৰয়োজন পূৰণত টি আৰ এছ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ প্ৰথম পদক্ষেপ হিচাপে বুধবাৰে চন্দ্ৰশেখৰে নিজৰ দলটোৰ নাম পৰিৱৰ্তন কৰে ভাৰত ৰাষ্ট্ৰ সমিতি ।

হায়দৰাবাদস্থিত দলৰ মুখ্য কাৰ্যালয় তেলেংগানা ভৱনত মন্ত্ৰী, সাংসদ, বিধায়ক, এম এল চি আৰু জিলা পৰ্যায়ৰ সমন্বয়কৰ লগতে অন্যান্য নেতাসকলৰ ৰাজ্যিক সাধাৰণ সংস্থাৰ বৈঠকত কে চি আৰৰ দ্বাৰা নতুন দলৰ নাম সলনি আৰু উন্মোচন কৰা হয় । সভাত সভাপতিত্ব কৰে কে চন্দ্ৰশেখৰ ৰাওৱে । টি আৰ এছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত জে ডি (এছ) নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ সৈতে তেওঁৰ 20 জন বিধায়কে অংশগ্ৰহণ কৰে । 200 চনৰ এপ্ৰিল মাহত টি আৰ এছ মুকলি কৰিছিল মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰে ।

তাৎপৰ্যপূৰ্ণভাবে, আড়ম্বৰপূৰ্ণতাৰে আয়োজন কৰা উক্ত অন্ষ্ঠানত অনুপস্থিত আছিল কেচিআৰৰ কন্যা তথা জ্যেষ্ঠ নেতা কে কবিতা ৷ ইয়ে পৰিয়ালটোৰ মাজত ফাট মেলা পৰিলক্ষিত হোৱা বুলিও ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ অনুষ্ঠানত অনুপস্থিত থকাৰ লগতে আগন্তুক মুনুগোডে উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা তালিকাৰ পৰা ৰহস্যজনকভাৱে নাইকিয়া হৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাৰ নাম (Munugode bypoll)৷

2024 চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধী দলক একত্ৰিত কৰাৰ প্ৰয়াসত কেচিআৰে বেংগালুৰুত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱেগৌড়ৰ সৈতে চলিত বৰ্ষৰ মে’ মাহত বৈঠকত মিলিত হৈছিল ৷

লগতে পঢ়ক: 2019 ত হেৰুওৱা 144 খন লোকসভা আসন উদ্ধাৰৰ বাবে বিজেপিৰ নতুন ৰণনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.