ETV Bharat / bharat

৬.২৯ লাখ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ক'ভিড-১৯ মহামাৰীয়ে কোঙা কৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে ৬.২৯ লাখ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে । চলিত সপ্তাহৰ আৰম্ভণিতে মহামাৰীয়ে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডৰ বাবে এই আৰ্থিক সাহায্য পুঁজি ঘোষণা কৰিছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

author img

By

Published : Jun 30, 2021, 7:03 PM IST

Union Cabinet has approved the relief package announced by Finance Minister
বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা সাহায্য পেকেজত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

নেশ্যনেল ডেস্ক, ৩০ জুন : বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ৬.২৯ লাখ কোটি টকাৰ আৰ্থিক সাহায্য পেকেজত অনুমোদন জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সাহায্য পেকেজত অনুমোদন জনোৱা হয় । চলিত সপ্তাহৰ আৰম্ভণিতে মহামাৰীয়ে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আৰ্থিক সাহায্য পুঁজি ঘোষণা কৰিছিল । বুধবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সাংবাদিকৰ আগত কয় যে, ক'ভিড-১৯ মহামাৰীয়ে ক্ষতিগ্ৰস্ত বিভিন্ন খণ্ডৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক সাহায্য পুঁজিত কেবিনেটে অনুমোদন জনাইছে ।

মহামাৰীয়ে কোঙা কৰা অৰ্থনীতি পুনৰুজ্জীৱিতৰ বাবে মন্ত্ৰী সীতাৰমণে সোমবাৰে পৰ্যটন, কৃষি, এম এছ এম ই(MSME), বিদ্যুৎ বিতৰণ আৰু ৰপ্তানিৰ দৰে বিভিন্ন খণ্ডসমূহৰ এক সাহায্য পেকেজ মুকলি কৰিছিল । ইয়াৰ উপৰিও, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশতে শিশু ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা আৰু আন সুবিধা প্ৰদানৰ বাবে ২৩,২২০ কোটি টকা ঘোষণা কৰে । এই পুঁজিত অনুমোদন জনোৱা হৈছে ।

কিয়নো বিশেষজ্ঞই সতৰ্ক কৰি দিছে যে, ক'ভিড-১৯ৰ তৃতীয় ঢৌৱে প্ৰাপ্তবয়স্ক লোকতকৈ শিশুসকলক অধিক সংক্ৰমিত কৰাৰ আশংকা আছে । আনহাতে, ডিজিটেল ইণ্ডিয়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটে দেশৰ ১৬ খন ৰাজ্যৰ ২ লাখৰো অধিক গাঁৱক সামৰি লোৱাৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (public private partnership) আৰ্হিৰ জৰিয়তে "ভাৰতনেট(BharatNet)" ৰূপায়ণত অনুমোদন জনায় ।

কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে, কেবিনেটে প্ৰকল্পটোৰ বাবে ১৯,০৪১ কোটি টকা অনুমোদন জনাইছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, "ভাৰতনেটে(BharatNet)" গ্ৰামাঞ্চলৰ লোকসকলক টেলি-শিক্ষা আৰু টেলি-মেডিচিন সেৱা লাভ কৰাত সহায় কৰিব । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২০ চনৰ ১৫ আগষ্টত দেশৰ প্ৰায় ৬ লাখ গাঁৱক ১,০০০ দিনৰ ভিতৰত ব্ৰডবেণ্ডৰ সৈতে সংযুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছিল । চলিত বৰ্ষৰ ৩১ মে' পৰ্যন্ত ২.৫ লাখ গাঁও পঞ্চায়তৰ ১.৫৬ লাখৰো অধিক গাঁৱক ব্ৰডবেণ্ডৰ সৈতে সংযুক্ত কৰা হৈছে ।

লগতে পঢ়ক:জম্মুত অব্যাহত আছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰোণ কাৰ্যকলাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.