নেচনেল ডেস্ক, 17 জানুৱাৰী: ওড়িশাৰ বনিয়ামালা জিলাৰ কেন্দ্ৰপাৰাত কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে দিন দুপৰতে এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ এগৰাকী এজেন্টৰ পৰা 1 লাখ টকা লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে ৷
শুকুৰবাৰে সংঘটিত এই ঘটনাৰ সমগ্ৰ দৃশ্য চি চি টিভিত বন্দী হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি এজেন্টগৰাকীয়ে বেংকৰ পৰা ধনৰাশি উলিওৱাৰ পাছত নিজৰ মটৰচাইকেলত ৰাখে ৷ তেওঁ সেই ধন কাষৰে এটা সমবায় বেংকত জমা কৰিবলগীয়া আছিল ৷ সেই সময়তে অন্য এগৰাকী এজেন্টৰ সৈতে কথা পাতি থকাৰ সময়তে মটৰ চাইকেলত অহা দুস্কৃতিকাৰীয়ে সেই ধন লৈ উধাও হয় ৷
লগতে পঢ়ক:ধন উৎকোচ লওতেই চিবিআইৰ জালত ৰে’লৱে বিষয়া