নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: দিল্লীৰ আজাদ বজাৰৰ শীষ মহলত শুকুৰবাৰে পুৱা এটা নিৰ্মাণাধীন অট্টালিকা খহি পৰে(Under construction building collapses in Delhi) । এই ঘটনাত চাৰিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় আৰু বহুতো লোক ইয়াৰ ভিতৰত আৱদ্ধ হৈ পৰে ৷ কেইটিমান স্কুলীয়া ছাত্ৰ-ছাত্ৰীও ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰাৰ কথা জানিব পৰা হৈছে । আৰক্ষীয়ে অত্যাধিক ওজনৰ বাবে অট্টালিকাটো খহি পৰাৰ সন্দেহ কৰিছে ।
অট্টালিকাটো চাৰিমহলীয়া আছিল আৰু এতিয়াও নিৰ্মাণাধীন হৈ আছিল(Under construction building in Delhi) । অৱশ্যে উক্ত স্থানত কোনো লোক বসবাস কৰা নাছিল । ঘটনাৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক পুৱা প্ৰায় 8.30 বজাত অৱগত কৰা হৈছিল ৷
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত 4খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি, বৰ্তমানলৈ প্ৰায় ৩ জন লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: হিন্দুক ভণ্ড আখ্যা গুজৰাটৰ ৰাজ্যপালৰ