ETV Bharat / bharat

Bihar Bridge Collapse: ভয়ংকৰ ! অন কেমেৰা ভাগি পৰিল নদীৰ ওপৰত নিৰ্মীয়মান পকী দলং

author img

By

Published : Jun 4, 2023, 10:24 PM IST

বিহাৰৰ ভাগলপুৰত নিৰ্মীয়মান অৱস্থাতে ভাগি পৰিল গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এখন দলং ৷ দলঙখনৰ প্ৰায় 100 মিটাৰ অংশ খহি পৰে গংগা নদীত (Under construction bridge collapses at Bhagalpur) ৷

Bihar Bridge Collapse
বিহাৰৰ ভাগলপুৰত অঘটন

নিউজ ডেস্ক, 4 জুন: বিহাৰৰ ভাগলপুৰত দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ নিৰ্মীয়মান অৱস্থাতে ভাগি পৰিল গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এখন দলং ৷ চুলতানগঞ্জ-অগুৱানীৰ মাজত গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলঙখনৰ চাৰিটা খুঁটা গংগা নদীত জাহ যায় ৷ ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ' ভাইৰেল হৈছে (Under construction bridge collapses at Bhagalpur) ৷

জানিব পৰা মতে ইয়াৰ পূৰ্বেও এই দলং ভাগি পৰিছিল আৰু এই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে ৷ কিন্ত দেওবাৰে পুনৰ একেই ঘটনাৰ পুনৰাবৃত্তি ঘটাত দলঙখনৰ নিৰ্মাণকাৰ্যক লৈ ৰাজ্যখনৰ সকলোতে সৃষ্টি হৈছে সন্দেহৰ ৷ এই ঘটনাত দলঙখনৰ প্ৰায় 100 মিটাৰ অংশ খহি পৰে আৰু গংগা নদীত জাহ যায় ৷ অৱশ্যে এই ঘটনাত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই (Under construction bridge collapses) ৷

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ হতবাক হৈ পৰিছে ৷ ইতিমধ্যে বিহাৰৰ ৰাজ্যিক দলং নিৰ্মাণ নিগমৰ কাৰ্যবাহী অভিযন্তা ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে (Under construction bridge over Ganga collapses) ৷ তেওঁ কয় যে দলংখনৰ কিছুমান স্পান খহি পৰিছে ৷ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতহে সবিশেষ জানিব পৰা যাব ৷ এই মুহূৰ্তত বিশেষ একো কোৱাটো সঠিক নহয় বুলি মন্তব্য কৰে তেওঁ (Sultanganj Aguwani bridge collapses in Bhagalpur) ৷

ঘটনা সংঘটিত হোৱাৰ পাছতেই এই বাতৰি জুইৰ দৰে সকলোতে বিয়পি পৰে ৷ পাৰবাট্টাৰ বিধায়কজনে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷ তেওঁ কয় যে নিৰ্মাণ কাৰ্যৰ মানদণ্ড ভাল নহয় ৷ চুলতানগঞ্জ আগুৱানী দলংখন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে ৷ জানিব পৰা মতে এছ পি চিংলি নামৰ এটা কোম্পানীয়ে এই দলংখন নিৰ্মাণ কৰি আছে (Bihar Bridge Collapse) ৷

লগতে পঢ়ক: Odisha train tragedy: ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত মৃত্যু ২৭৫ জনৰ, ১১৭৫ গৰাকী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.