ETV Bharat / bharat

Atiq Ahmed lawyer arrested : আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক গ্ৰেপ্তাৰ - Atiq Ahmed lawyer arrested

আতিক আহমেদৰ বেনামি সম্পত্তি সম্পৰ্কে অৱগত আছিল মিশ্ৰ । আতিকৰ পুত্ৰ উমৰ আহমেদে পিতৃৰ সম্পত্তিৰ বিষয়ে তথ্য দিছিল অধিবক্তা মিশ্ৰক ।

Atiq Ahmed lawyer arrested
আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক গ্ৰেপ্তাৰ
author img

By

Published : Aug 1, 2023, 11:54 AM IST

নেশ্যনেল ডেস্ক,১ আগষ্ট : মাফিয়া আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰৰ পাছতে মিশ্ৰক ৰাজধানীৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । গ্ৰেপ্তাৰৰ পূৰ্বে অধিবক্তা বিজয় মিশ্ৰক কাৰাগাৰত বন্দী উমৰ আহমেদে তেওঁৰ পিতৃ আতিকৰ বেনামি সম্পত্তিৰ বিষয়ে অৱগত কৰিছিল । ইয়াৰ পাছত অধিবক্তা বিজয় মিশ্ৰ ৫ দিন ৰাজধানীত কটাইছিল আৰু এই সম্পত্তিবোৰ বিক্ৰীৰ বাবে ক্ৰেতাৰ সন্ধানত আছিল ।

কিন্তু সম্পত্তি ক্ৰয়ৰ বাবে ক্ৰেতা উপস্থিত নোহোৱাত তেওঁ জয়নাব আৰু ছাদ্দামক তেওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ লক্ষ্ণৌলৈ মাতি পঠিয়াইছিল । অৱশ্যে, আৰক্ষী উপস্থিত হোৱাৰ লগে লগে দুয়ো পলায়ন কৰে ।

গ্ৰেপ্তাৰৰ পাচতে বিজয় মিশ্ৰক আৰক্ষী আৰু প্ৰয়াগৰাজৰ এছটিএফৰ বিষয়াসকলে সোধা-পোছা কৰে । জেৰাৰ সময়ত মিশ্ৰই কয় যে জয়নাব আৰু ছাদ্দামক উমৰ আৰু আলীৰ জামিনৰ লগতে আতিকৰ সাম্ৰাজ্য পুনৰুদ্ধাৰৰ বাবে ধনৰ প্ৰয়োজন আছিল । এনে পৰিস্থিতিত, তেওঁক আতিক আহমেদৰ বেনামি সম্পত্তিৰ বাবে এগৰাকী ক্ৰেতা বিচাৰিবলৈ কোৱা হৈছিল । তেওঁ প্ৰথমে সেই সম্পত্তিবোৰৰ বিষয়ে জানিব বিচাৰিছিল ।

সূত্ৰৰ মতে, অধিবক্তা বিজয় মিশ্ৰক লক্ষ্ণৌ কাৰাগাৰত বন্দী আতিকৰ পুত্ৰ উমৰে সকলো বেনামি সম্পত্তিৰ বিষয়ে অৱগত কৰিছিল । সম্পত্তিবোৰ আতিক আহমেদে নিৰ্মাতাসকলৰ নামত ক্ৰয় কৰিছিল আৰু সেইবোৰৰ ওপৰত প্ৰকল্প আৰম্ভ কৰিছিল ।

সূত্ৰৰ মতে এছটিএফয়ে শীঘ্ৰেই লক্ষ্ণৌ কাৰাগাৰলৈ যাব আৰু উমৰক জেৰা কৰিব আৰু বেনামি সম্পত্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব । একে সময়তে, দেওবাৰে বিজয় মিশ্ৰক সাক্ষাতৰ বাবে অহা জয়নাব আৰু ছাদ্দামৰ সন্ধানতো অভিযান আৰম্ভ হৈছে । লক্ষ্ণৌৰ বাহিৰলৈ যোৱা সকলো পথৰ ওপৰত এছ টি এফ আৰু আৰক্ষীয়ে দৃষ্টি ৰাখিছে । সূত্ৰৰ মতে জয়নাব আৰু ছাদ্দামে কিছু সময়ৰ পৰা দিল্লীতো বাহৰ পাতি আছিল ।

লগতে পঢ়ক :Nuh violence: ব্ৰজ মণ্ডল যাত্ৰাৰ সময়তে নুহত সংঘৰ্ষ, ৫ জিলাত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.