নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহিদপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এমহীয়া পুত্ৰক মৃত্যুৰ মুখলৈ ঠেলি দিলে এটা পৰিয়ালে । ফলস্বৰূপে হাস্পতালৰ কোঠাত জীৱন মৃত্যুৰে যুঁজিছে শিশুটোৱে । জানিব পৰা মতে শিশুটো জন্মৰে পৰা নিউমনিয়াত ভুগি আছে । কিন্তু শিশুটোৰ পিতৃ-মাতৃয়ে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গৰম লোৰ দাগ দিয়ে । ফলত শিশুটোৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে । পাছত শিশুটোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি শিশুটো কৃত্ৰিমভাৱে অক্সিজেন দি থকা হৈছে বুলি জানিব পৰা গৈছে । পৰিয়ালটোৱে অৱশ্যে শিশুটোৰ শৰীৰৰ দাগবোৰ সম্পৰ্কে অন্ধবিশ্বাসৰ কথা অস্বীকাৰ কৰে ।
উজ্জয়িনী জিলা চিকিৎসালয়ৰ চিকিৎসকসকলৰ মতে এমহীয়া শিশুটোৰ শৰীৰৰ দাগবোৰ গৰম লোৰ দাগ যেন স্পষ্ট হৈছে । শিশুটো চৰ্দি আৰু কাহৰ লগতে জ্বৰত ভুগি আছে । অভিভাৱকসকলে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক কৈছে যে আন এটা শিশুৱে তেওঁলোকৰ সন্তানক জ্বলাই দিছে । অৱশ্যে আৰক্ষীয়ে বিষয়টোত তদন্ত আৰম্ভ কৰিছে । শিশুটোৰ পিতৃ এগৰাকী নিৰ্মাণ শ্ৰমিক ।
শিশুটোৰ মাতৃয়ে কোৱা মতে যেতিয়া শিশুটো গৰ্ভত আছিল তেতিয়া তেওঁৰ লেতেৰা পানী সেৱন কৰা গৈছিল আৰু শিশুটো জন্মৰ পৰাই নিউমনিয়াত ভুগি আছিল । যেতিয়া শিশুটোৰ অৱস্থাৰ অৱনতি ঘটিছিল তেওঁলোকে উজ্জয়িনীৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰায় । কিন্তু শিশুটোৰ অভিভাৱক কিমান সঁচা সেয়া আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব । ইফালে এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক :মাতৃৰ চিকিৎসাৰ বাবে গৈছিল গৃহস্থ, খালী বাসগৃহত চোৰৰ চাফাই অভিযান