ETV Bharat / bharat

Tamil Nadu Minister Udhayanidhi Stalin: তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টে’লিনৰ বিৰুদ্ধে ক্ষোভ অযোধ্যাৰ সাধু-সন্তৰ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 6:49 PM IST

তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টে’লিনৰ মন্তব্যৰ বিৰোধিতাৰে অযোধ্যাৰ সাধু-সন্তসকলৰ ক্ষোভ ৷ এসপ্তাহৰ ভিতৰত উধয়ানিধি ষ্টে’লিনে ক্ষমা নুখুজিলে প্ৰতিবাদ কৰিব বুলি হুংকাৰ সাধু-সন্তসকলৰ ৷

Tamil Nadu Minister Udhayanidhi Stalin
তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টে’লিনৰ বিৰুদ্ধে ক্ষোভ অযোধ্যাৰ সাধু সন্তৰ

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টে’লিনৰ পুত্ৰ উদয়ানিধি ষ্টে’লিনৰ বিতৰ্কিত মন্তব্যই ক্ষোভিত কৰিছে অযোধ্যাৰ সাধু-সন্তসকলক ৷ তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টে’লিনে সনাতন ধৰ্মৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ৷ যাৰ বাবে অযোধ্যাৰ সাধু-সন্তসকল ক্ষোভিত হৈ পৰিছে ৷ তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰোধিতাৰে সোমবাৰে অযোধ্যাৰ তপস্যা গৃহৰ চৌহদত সাধু-সন্তসকলে ধৰ্মীয় সভা আয়োজন কৰা হয় ৷ য’ত বৃহৎ সংখ্যক সাধু-সন্তই অংশগ্ৰহণ কৰিছিল ৷

উক্ত সভাতে তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধিৰ বক্তব্যক তীব্ৰ গৰিহণা দিয়ে সাধু-সন্তসকলে ৷ যদিহে উদয়ানিধি ষ্টে’লিনে এসপ্তাহৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে সংসদভৱন ঘেৰাও কৰিব ৷ লগতে তামিলনাডুলৈও যাত্ৰা কৰিব বুলি হুংকাৰ দিয়ে অযোধ্যাৰ সাধু-সন্তসকলে ৷

এই সন্দৰ্ভত জগতগুৰু পৰমহংস আচাৰ্যই কয়,‘‘উদয়ানিধিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে ৷ সমাজৰ একাংশ নেতাই নিৰ্বাচনত ভোটৰ বাবে সনাতন ধৰ্মক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ যাৰ ফলত সনাতন ধৰ্মৰ বিষয়ে অশোভনীয় মন্তব্যৰে ভোট বেংক শক্তিশালী কৰিছে উদয়ানিধিয়ে ৷ দেশৰ 120 কোটি লোকে এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৷ সেয়ে আমি এনে বিতৰ্কিত মন্তব্য শুনি মনে মনে বহি থাকিলে নহ’ব ৷’’

তেওঁ কয়,‘‘সনাতন ধৰ্মই হিংসাৰ শিক্ষা নিদিয়ে ৷ যদি কোনোবাই আমাৰ ধৰ্মক আক্ৰমণ কৰে বা কোনোবাই যদি আমাৰ সনাতন ধৰ্মৰ সন্দৰ্ভত অপমানজনক কথা কয় তেন্তে আমি তেওঁৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ম ৷ আগন্তুক এসপ্তাহৰ ভিতৰত উদয়ানিধিয়ে যদিহে ক্ষমা নিবিচাৰে তেন্তে সাধু-সন্তসকলে সংসদ ভৱন ঘেৰাও কৰিম ৷ প্ৰয়োজন হ’লে আমি মন্ত্ৰী উদয়ানিধিকো ঘেৰাও কৰি ৰাখিম ৷’’

লগতে পঢ়ক:Lok Sabha Election 2024 : আমি সদায় নিৰ্বাচনৰ বাবে সাজু আছো; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.