ETV Bharat / bharat

মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণ: কেন্দ্ৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাব থাকৰেই

author img

By

Published : May 6, 2021, 12:26 PM IST

মাৰাঠা সম্প্ৰদায়ৰ লোকৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণ আৰু শিক্ষানুষ্ঠানত আসন সংৰক্ষণৰ হাৰ ৫০ শতাংশতকৈ অধিক কৰিবলৈ কেন্দ্ৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাব উদ্ধৱ থাকৰেই । বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এই কথা প্ৰকাশ কৰে । বুধবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনক 'অসাংবিধানিক' আখ্যা দিয়ে আৰু সমতাৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ বুলি কয় ।

Uddhav Thackeray on Maratha reservation
মাৰাঠা সম্প্ৰদায়ৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাব উদ্ধৱ থাকৰেই

নেশ্যনেল ডেস্ক, ৬ মে': মাৰাঠা সম্প্ৰদায়ৰ লোকৰ বাবে আসন সংৰক্ষণৰ হাৰ ৫০ শতাংশতকৈ অধিক কৰিবলৈ দাবী জনাই দাখিল কৰা আবেদনক উচ্চতম ন্যায়ালয়ে 'অসাংবিধানিক' আখ্যা দি খাৰিজ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আসন সংৰক্ষণৰ হাৰ বৃদ্ধিৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাব ।

মাৰাঠা সম্প্ৰদায়ৰ লোকৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণ আৰু শিক্ষানুষ্ঠানত আসন সংৰক্ষণৰ হাৰ ৫০ শতাংশতকৈ অধিক কৰিবলৈ আহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছিল । প্ৰয়োজন হ'লে ইয়াৰ বাবে এটা প্ৰতিনিধিৰ দলো প্ৰেৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ কয় যে, মাৰাঠা সম্প্ৰদায়ৰ লোকসকলে ধৈৰ্য্যসহকাৰে কেন্দ্ৰৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে ।

মাৰাঠাসকলক বিভিন্ন সুবিধা লাভৰ ক্ষেত্ৰত সংৰক্ষণৰ প্ৰদানৰ হাৰ বৃদ্ধিৰ বাবে প্ৰণয়ন কৰা আইনখন উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ পিছত মুখ্যমন্ত্ৰী থাকৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনায় । উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ মাৰাঠা সম্প্ৰদায়ৰ বাবে প্ৰণয়ন কৰা আইন প্ৰত্যাখ্যান কৰা কাৰ্যক মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

আনহাতে, উচ্চতম ন্যায়ালয়ে কয় যে, মহাৰাষ্ট্ৰই এনে ধৰণৰ বিষয়ত আইন গৃহীত কৰিব নোৱাৰে । কেৱল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়েহে কৰিব পাৰে । ২০১৮ চনত মহাৰাষ্ট্ৰ চৰকাৰে মাৰাঠা সম্প্ৰদায়ৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত ধাৰ্য কৰা সংৰক্ষণ বাতিল কৰি উচ্চতম ন্যায়ালয়ে কয় যে, ই ৫০ শতাংশৰ সীমা অতিক্ৰম কৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.