ETV Bharat / bharat

সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰে জড়িত দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ - Sukhdev Singh Gogamedi Murder Case

দেশ কঁপোৱা সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত দুই অভিযুক্তক গ্ৰেপ্তাৰ ৷ চণ্ডীগড়ৰ পৰা দুই অভিযুক্ত শ্বুটাৰ নিতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

Sukhdev Singh Gogamedi Murder Case
গোগামেড়ী হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:23 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ : সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জয়পুৰ আৰক্ষী ৷ এছ আই টি আৰু দিল্লী আৰক্ষীৰ যৌথ অভিযান চলাই চণ্ডীগড়ৰ পৰা দুই অভিযুক্ত শ্বুটাৰ নিতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে দুই অভিযুক্তক চণ্ডীগড়ৰ পৰা জয়পুৰলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

অপৰাধ শাখাৰ এ ডি জি দীনেশ এম এনে জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোছেফৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল ৷ আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আজি এক সংবাদমেলৰ জৰিয়তে সকলো তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷ দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ সন্দৰ্ভত এ ডি জি দিনেশ এম এনে কয় যে, সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডত অভিযুক্ত শ্বুটাৰ নীতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক গ্ৰপ্তাৰৰ বাৰে যুটীয়া অভিযান চলোৱা হৈছিল । ৰাজস্থানৰ এছ আই টি আৰু দিল্লী আৰক্ষীৰ এটা যুটীয়া দলে চণ্ডীগড়ত যুটীয়া অভিযান চলাই দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ কৰাত সফল হৈছিল এছ আই টি দলে ৷

আনহাতে, শনিবাৰে আৰক্ষীয়ে হাৰিয়ানাৰ মহেন্দ্ৰগড়ৰ বাসিন্দা অভিযুক্ত ৰামবীৰ জাটক গ্ৰেপ্তাৰ কৰিছিল ৷ জাটে দুয়োজন শ্বুটাৰক সহায় কৰিছিল । কিয়নো অভিযুক্ত ৰামবীৰ নিতিন ফৌজীৰ এজন বন্ধু আছিল । ৰামবীৰে জয়পুৰত দুয়োজন শ্বুটাৰক সহায় কৰিছিল ।

ইফালে, জয়পুৰৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোছেফে কয় যে, 5 ডিচেম্বৰত সুখদেৱ সিং গোগামেড়ীক শ্যাম নগৰ অঞ্চলত সন্দেহযুক্ত দুজন শ্বুটাৰ নীতিন ফৌজী আৰু ৰোহিত ৰাথোডে হত্যা কৰিছিল । গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৰামবীৰৰে নিতিন ফৌজীক জয়পুৰত বিভিন্ন ব্যৱস্থা প্ৰদান কৰা হৈছিল । যেতিয়া গোগামেড়ীক হত্যা কৰা হ’ল তাৰ পাচতে নিতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক আজমেৰ ৰোডৰ পৰা এখন মটৰ চাইকেলেৰে লৈ গৈছিল অভিযুক্ত ৰামবীৰে ৷ লগতে ৰামবীৰে বাগৰু টোল প্লাজাৰ সমীপত থকা নাগাউৰ ডিপোৰ ৰাজস্থান ৰোডৱেজ বাছ আস্থানত এৰি থৈ গৈছিল দুই বন্ধুক ৷

লগতে পঢ়ক : সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ নতুন ৰহস্য ফাদিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.