নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে সংঘৰ্ষ । বিগত ২৪ ঘণ্টাত দক্ষিণ কাশ্মীৰত দুটাকৈ সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে (Encounter in South Kashmir) ।
কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে সদৰী কৰা অনুসৰি, শনিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চৌগাম গাঁৱত দ্বিতীয়বাৰৰ বাবে সংঘৰ্ষত লিপ্ত হয় আৰক্ষী আৰু সন্ত্ৰাসবাদী (Gunfight in Shopian)। এই সংঘৰ্ষত দুজনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে (Two militants killed in encounter in Shopian)।
অৱশ্যে সন্ত্ৰাসবাদী কেইটাক এতিয়াও চিনাক্ত কৰা হোৱা নাই । দুয়োটা সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত হয় প্ৰথমটো সংঘৰ্ষৰ ঘটনা । য'ত এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলে । নিহত সন্ত্ৰাসবাদীটো কুলগামৰ চেহপোৰাৰ বাসিন্দা শ্বাহজাদ আহমেদ চেহ বুলি চিনাক্ত কৰা হৈছে ।
লগতে পঢ়ক : Gunfight in Shopian : 24 ঘণ্টাত শ্বপিয়ানত দ্বিতীয়টো গুলীচালনা