নেচনেল ডেস্ক, 13 ডিচেম্বৰ: দেওবাৰে ওড়িশাৰ মালকানগিৰি জিলাৰ স্বাভিমান অঞ্চলত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত এগৰাকী মহিলা সহ দুগৰাকী মাওবাদী নিহত হয় ৷ ডিজিপি অভয়ে য়ে জানিবলৈ দিয়া মতে স্বাভিমান অঞ্চলৰ গজলমামুদি অঞ্চলত মাওবাদী আৰু এচঅ'জি ৰ মাজত হোৱা গুলিয়াগলিত এই ঘটনা সংঘটিত হয় ৷ তেওঁ কয় যে মাওবাদী সকলে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰাৰ পাছতে এচঅ'জি ৰ দলটোৱে প্ৰত্যাক্ৰমণ কৰে ৷
উক্ত অঞ্চলৰ পৰা নিৰপত্তাৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰকৰ লগতে মাওবাদীসকলৰ সামগ্ৰী জব্দ কৰিছে ৷ মাওবাদী সকলক ওড়িশা আৰক্ষীৰ হাতত আত্মসমৰ্পনৰ বাবে আহ্বান জনাই ডিজিপি অভয়ে কয় যে স্বাভিমান অঞ্চলৰ পৰা মাওবাদী সকলক আঁতৰ কৰাৰ বাবে ওড়িশা আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ ৷