ETV Bharat / bharat

Rail Accident In Shahdol: মধ্যপ্ৰদেশত দুখন মালবাহী ৰে'লৰ সংঘৰ্ষ; এজন ৰে’ল চালক নিহত

মধ্যপ্ৰদেশৰ শ্বাহডোল জিলাৰ সিংপুৰ ৰে'ল ষ্টেচনত দুখন মালবাহী ৰে'লৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Big Rail Accident In Madhya Pradesh) । আনহাতে, এই সংঘৰ্ষৰ ফলত ৰে'ল দুখনৰ কিছু ডবা কাষৰ ৰে'ল লাইনেৰে লাহে লাহে গৈ থকা আন এখন মালবাহী ৰে'লত বাগৰি পৰে ।

author img

By

Published : Apr 19, 2023, 12:01 PM IST

Updated : Apr 19, 2023, 12:25 PM IST

Rail Accident In Shahdol
Rail Accident In Shahdol
মধ্যপ্ৰদেশত দুখন মালবাহী ৰে'লৰ সংঘৰ্ষ; ব্যাহত ৰে’লৰ চলাচল

নিউজ ডেস্ক, ১৯ এপ্ৰিল : মধ্যপ্ৰদেশত সংঘটি হৈছে এক ডাঙৰ ৰে'ল দুৰ্ঘটনা (Big Rail Accident In MP) । ৰাজ্যখনৰ শ্বাহডোল জিলাৰ সিংপুৰ ৰে'ল ষ্টেচনত সংঘটিত এই দুৰ্ঘটনাত দুখন মালবাহী ৰে'লৰ সংঘৰ্ষ হয় (Big Rail Accident In Shahdol) । আনহাতে, এই ৰে'ল দুখনৰ পৰা কিছু ডবা ছিটিকি গৈ কাষেৰে গৈ থকা আন এখন ৰে'লত বাগৰি পৰে ।

ঘটনাস্থলীত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীৰ মতে, ঘটনাটো বুধবাৰে পুৱা প্ৰায় ৬.৪৫ বজাত সংঘটিত হয় । সিংপুৰ ষ্টেচনত দুটা ইঞ্জিন লৈ এখন মালবাহী ৰে'ল থিয় হৈ আছিল । তেনেতে আন এখন মালবাহী ৰে'ল পিছফালৰ পৰা আহি খুন্দা মাৰে (Two Freight Trains Collided at shahdol in MP) । যাৰ ফলত এই ডাঙৰ দুৰ্ঘটনাটো সংঘটিত হয় ।

এই গুৰুতৰ ঘটনাটোত মালবাহী ৰে'লখনত থকা চালক দুজন ইঞ্জিনত আবদ্ধ হৈ পৰে । তেওঁলোকক তাৰ পৰা উদ্ধাৰৰ চেষ্টা কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত ইয়াৰ এগৰাকী চালক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে সংঘৰ্ষৰ পিচতেই ইঞ্জিনত জুই লাগি যায় । দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিচতেই এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ দল আহি দুৰ্ঘটনাস্থলীত উপস্থিত হয় । লগতে ৰে'লৱেৰ শীৰ্ষ বিষয়াসকলো তাত উপস্থিত হয় ।

উল্লেখ্য যে এই ঘটনাৰ পিচতে ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে । বৰ্তমান সিংপুৰ লাইনৰ পৰা ৰে'লৰ চলাচল বন্ধ কৰি দিয়া হৈছে । সমগ্ৰ লাইনতে ডবাবোৰ ইফালে-সিফালে পৰি থকাত আৰু ৰে'ল লাইন বিচ্যুত হোৱাত দুয়োফালৰে ৰে'ল চলাচল বন্ধ কৰা হৈছে ।

বৰ্তমান সিংপুৰ লাইনৰ মাজেৰে যোৱা সকলো ৰে'ল বন্ধ হৈ পৰিছে আৰু বৰ্তমান কোনো ৰে'ল তাৰ পৰা আহিব পৰা নাই । ইফালে বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে । ৰে'ল লাইনটো মুকলি হোৱাৰ পিচতহে পুনৰ ৰে'ল সেৱা স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে । কিন্তু সেয়া কেতিয়ালৈকে সম্পূৰ্ণ হ'ব সেইটো এতিয়াই একো ক'ব নোৱাৰি ।

কিয়নো এতিয়াও দুজন লোক ইঞ্জিনত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত ৰে'লৱেৰ শীৰ্ষ বিষয়াসকলৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দলো উপস্থিত আছে । এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়লৈ প্ৰেৰণ কৰা 2 জন লোক গুৰুতৰভাৱে আহত হৈছে । আনহাতে, দুজন লোক এতিয়াও ইঞ্জিনত আবদ্ধ হৈ আছে ।

লগতে পঢ়ক :Most Wanted Shaista Parveen : 'ম'ষ্ট ৱাণ্টেড গড মাদাৰ' শায়িস্তা পাৰবীন কোন ?

Last Updated : Apr 19, 2023, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.