নেশ্যনেল ডেস্ক,২০ মাৰ্চ : ৰাজস্থানৰ ৰাজচামান্দ জিলাত শোকাৱহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যু দুটাকৈ নাহৰফুটুকীৰ (Leopard dies of electrocution)। জিলাখনৰ কুণ্ডৱা গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছে । নাহৰফুটুকী দুটাৰ এটাৰ বয়স ৬ বছৰ আৰু আনটোৰ ২ বছৰ বুলি বন বিভাগে জনাইছে । এই ঘটনাৰ পাছতে প্ৰকৃতিপ্ৰেমীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে ৰাজচামান্দ জিলাৰ দেওগড় মহকুমাৰ অন্তৰ্গত কুণ্ডৱা গাঁৱত নিশা এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । ১১ কেভিৰ বৈদ্যুতিক তাঁৰ চিঙি পৰাৰ পাছতে নাহৰফুটুকী দুটাৰ মৃত্যু হয় (Two leopards dies in Rajasthan)।
জানিব পৰা মতে দেওবাৰে নিশা অঞ্চলটোত বতৰ প্ৰতিকূল আছিল । ধুমুহা আৰু বজ্ৰপাত হোৱা বুলিও জানিব পৰা গৈছে । বজ্ৰপাতৰ পাছতে উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰে । ইফালে বজ্ৰপাতৰ পাছতে মাৰ্বল ডাম্পিং গ্ৰাউণ্ডত লুকাই থকা দুটাকৈ মাইকী নাহৰফুটুকী মুকলি স্থানলৈ ওলাই আহিছিল । সম্ভৱত খাদ্য বা পানীৰ সন্ধানত নাহৰফুটুকী কেইটা ওলাই আহিছিল । কিন্তু, দুৰ্ভাগ্যবশতঃ, বিদ্যুৎ তাঁৰত লাগি নাহৰফুটুকী দুটাৰ মৃত্যু হয় ।
স্থানীয় লোকে সন্দেহ কৰা মতে মতে বজ্ৰপাত আৰু ধুমুহাৰ ফলত বৈদ্যুতিক তাঁৰ ছিগি যায় । বন বিভাগৰ বিষয়া ৰাজেন্দ্ৰ সিং চুন্দাৱতে জনোৱা মতে নাহৰফুটুকী দুটা মুকলি স্থানলৈ ওলাই অহাত বিদ্যুৎস্পৃষ্ট হয় (Leopard electrocuted in Rajasthan)।
কুণ্ডৱা গাঁৱৰ গাঁওবুঢ়া কলুৰাম গুৰ্জাৰে গাঁৱৰে এজন লোকক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ কৈছিল । স্থানীয় লোকে জনোৱা মতে দেওবাৰে নিশা প্ৰায় ২.৩০ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছতে লোকজনে নাহৰফুকুটী কেইটাক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল (Two leopards death in Rajasthan)। ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোকসকলো ঘটনাস্থলীত উপস্থিত হয় । ইফালে নাহৰফুটুকী দুটাৰ মৃতদেহ উদ্ধাৰ কৰি বন বিভাগৰ লোকসকলে মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰে ।
লগতে পঢ়ক :Wild Elephant Death in Assam: দুটা দশকত অসমত অকাল মৃত্যুক সাৱটিলে তিনি শতাধিক বন্যহস্তীয়ে