ETV Bharat / bharat

Bangladeshi nationals arrested : বিহাৰৰ মধুবনীৰ ভাৰত-নেপাল সীমান্তত আটক দুই বাংলাদেশী মূলৰ নাগৰিকক

author img

By

Published : Aug 19, 2023, 2:24 PM IST

বিহাৰৰ মধুবনীত ভাৰত-নেপাল সীমান্তৰ পৰা ৪৮ নং এছ এছ বিৰ জোৱানে গ্ৰেপ্তাৰ কৰিছে দুই বাংলাদেশী মূলৰ নাগৰিকক ৷ ধৃত বাংলাদেশী কেইজন হ’ল মহম্মদ তৌৰিকুল ইছলাম আৰু মহম্মদ আলমগীৰ হুছেইন ৷

Bangladeshi nationals arrested
ভাৰত-নেপাল সীমান্তত আটক বাংলাদেশী মূলৰ নাগৰিক

নেশ্যনেল ডেস্ক, ১৯ আগষ্ট : বিহাৰৰ মধুবনীত ভাৰত-নেপাল সীমান্তৰ গাতে লাগি থকা জয়নগৰ মুখ্য কাৰ্যালয়ৰ ৪৮ নং এছ এছ বি (48th SSB) জোৱানে লাভ কৰিছে এক ডাঙৰ সফলতা । এছ এছ বিৰ জোৱানসকলে সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুজন বাংলাদেশী নাগৰিকক ।

জানিব পৰা মতে, বৰ্তমান ধৃত দুয়োকে অহৰহ জেৰা চলাই থকা হৈছে । ধৃত লোককেইজন ক্ৰমে মহম্মদ তৌৰিকুল ইছলাম আৰু মহম্মদ আলমগীৰ হুছেইন বুলি জানিব পৰা গৈছে ।

মধুবনীত আটক দুই বাংলাদেশী :

এছ এছ বি ৪৮ নং জোৱানৰ ডেপুটি কমাণ্ডেণ্ট বিবেক ওঝাই জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত লাভ কৰিছিল এক খবৰ । এই তথ্যৰ আধাৰতে এছ এছ বি জোৱানৰ টহল অধিক তীব্ৰতৰ কৰি দিয়া হয় ৷ নিৰ্দেশ অনুযায়ী তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ সমবায় প্ৰভাৰী (জানকীনগৰ) আৰু আন পাঁচজন জোৱানে চলাই অভিযান ।

এই অভিযানত মহীনাথপুৰ বজাৰৰ সমীপৰ হৰলাখী থানা এলেকাৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত্বত থকা এছ এছ বি সীমান্ত আউটপোষ্টত ভাৰতৰ পৰা নেপাললৈ যোৱাৰ পথত দুই বাংলাদেশী নাগৰিকক সশস্ত্ৰ সীমা বল জোৱানে আটক কৰে ।

ইয়াৰ আগতেও বহু দেশৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল :

৪৮ নং জোৱানৰ জয়নগৰৰ কমাণ্ডেণ্ট গোবিন্দ সিং ভাণ্ডাৰীয়ে এই সন্দৰ্ভত কয় যে সেনা বাহিনী তৰফৰ পৰা ভাৰত-নেপাল সীমান্তত চোৰাং ব্যৱসায় আৰু অন্যান্য অপৰাধ ৰোধ কৰিবলৈ অহৰহ চেষ্টা চলাই থকা হৈছে । ইয়াৰ আগতেও উজবেকিস্তান, চুডান, আমেৰিকাকে ধৰি বহু দেশৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে । নেপালৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ চোৰাংচোৱাই এই সহজ পথটো গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক : Naga peace dialogue resumes : ২১ আগষ্টত কেন্দ্ৰৰ সৈতে বৈঠক; আজি নতুন দিল্লীত উপস্থিত হ’ব NSCN ৰ ৭ জনীয়া দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.