ETV Bharat / bharat

American tourist corona positive: তাজমহল চাবলৈ অহা দুজন আমেৰিকান পৰ্যটকৰ দেহত কৰ’ণাৰ অৱস্থিতি

author img

By

Published : Jan 12, 2023, 9:38 PM IST

আগ্ৰাত তাজমহল চাবলৈ অহা দুজন আমেৰিকান পৰ্যটকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি(American tourist corona positive) ৷ পৰ্যটক দুজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই তৎপৰ হৈ পৰিছে আগ্ৰাৰ স্বাস্থ্য বিভাগ ৷ অন্যান্য পৰ্যটকসকলক স্ক্ৰীণিং আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে ৷

American tourist corona positive
তাজমহল চাবলৈ অহা দুজন আমেৰিকান পৰ্যটকৰ দেহত কৰ’ণাৰ অৱস্থিতি

নিউজ ডেস্ক, ১২ জানুৱাৰী: তাজ নগৰীত আকৌ এবাৰ কৰ’ণা সংক্ৰমণৰ আশংকা কৰা হৈছে(Corona Virus In Agra) ৷ তাজমহল চাবলৈ অহা আমেৰিকাৰ দুজন পৰ্যটকৰ দেহত কৰ‘ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ ১০ জানুৱাৰীত তাজমহলৰ পূব গেটত পৰ্যটকৰ নমুনা লোৱা হৈছিল আৰু ১২ জানুৱাৰীত এই নমুনাৰ ফলাফল আহিছিল ৷ এই ফলাফলত আমেৰিকাৰ পৰ্যটক দুজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছিল(American tourist corona positive) ৷ ইফালে একেদিনাই পৰ্যটক দুজন জয়পুৰলৈ ৰাওনা হৈছিল বুলি জানিব পৰা হৈছে ।

ইফালে আমেৰিকাৰ পৰ্যটক দুজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ স্বাস্থ্য বিভাগৰ বিষয়াসকলে প্ৰয়োজনীয় সকলো সৰ্তকতা অৱলম্বন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে বৰ্তমান আমেৰিকাৰ পৰ্যটক দুজন থকা হোটেলখনৰ কৰ্মচাৰী আৰু অন্যান্য পৰ্যটকসকলক স্ক্ৰীণিং কৰা কাম আৰম্ভ কৰিছে(Two American tourists corona positive agra ) ৷

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া ড৹ অৰুণ কুমাৰ শ্ৰীবাস্তৱে জানিবলৈ দিয়া অনুসৰি ৯ জানুৱাৰীত বাৰাণসীৰ পৰা ১৫ জনীয়া আমেৰিকান পৰ্যটকৰ এটা দল আগ্ৰালৈ আহিছিল । সকলো পৰ্যটক তাজমহলৰ পূব গেটত অৱস্থিত এখন হোটেলত আছিল । ১০ জানুৱাৰীত সকলো পৰ্যটক তাজমহল চাবলৈ ইষ্ট গেটত উপস্থিত হৈছিল । য'ত স্বাস্থ্য বিভাগৰ হেল্প ডেস্কত নিযুক্ত কৰ্মচাৰীসকলে পৰ্যটকসকলক পৰীক্ষা কৰিছিল আৰু নমুনা লৈছিল । ইয়াৰ পিছত, সকলো পৰ্যটকে তাজমহল পৰিদৰ্শন কৰে আৰু তাৰ পিছত হোটেলখনলৈ ঘূৰি আহে ।

এই পৰ্যটকৰ দলটোৰ এগৰাকী ৬২ বছৰীয়া পৰ্যটক আৰু এগৰাকী ২৩ বছৰীয়া পৰ্যটকৰ দেহত কৰ‘ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ তেওঁলোকৰ লগত যোগাযোগ কৰা হৈছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্যটন দলটো ১০ জানুৱাৰীৰ সন্ধিয়া ৰেলযোগে জয়পুৰলৈ ৰাওনা হোৱাৰ কথা জানিব পৰা হৈছিল । ইফালে তেওঁলোক থকা হোটেলখনৰ কৰ্মচাৰী আৰু পৰ্যটকসকলক পৰীক্ষণ কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া ড৹ অৰুণ কুমাৰ শ্ৰীবাস্তৱে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ২০২২ চনৰ ২৬ ডিচেম্বৰত তাজমহলত আৰ্জেণ্টিনাৰ এজন ৪৮ বছৰীয়া পৰ্যটকৰ দেহত কৰ’ণা অৱস্থিতি ধৰা পৰিছিল ৷ তেওঁৰ নমুনা তাজমহলৰ পশ্চিম গেটত লোৱা হৈছিল । কিন্তু পৰ্যটকজনৰ পৰা কোনো প্ৰ-পত্ৰখন পূৰণ কৰা হোৱা নাছিল । পৰ্যটকজনৰ পৰা আনকি আইডিৰ ফটোকপিও জমা লোৱা হোৱা নাছিল । যাৰবাবে, পৰ্যটকজন সৈতে কোনো যোগাযোগ কৰিব পৰা হোৱা নাছিল আৰু তেওঁ বৰ্তমানলৈ সন্ধানহীন হৈ আছে ।

লগতে পঢ়ক : Che Guevara Daughter : 25 বছৰৰ মূৰত কলকাতালৈ আহিব চে গুৱেভাৰাৰ জীয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.