নেশ্যনেল ডেস্ক, 1 জুলাই: ইলন মাস্ক পৰিচালিত টুইটাৰে 26 এপ্ৰিলৰ পৰা 25 মে’ৰ ভিতৰত ভাৰতত অভিলেখ সংখ্যক টুইটাৰ একাউণ্ট নিষিদ্ধ কৰিছে ৷ ইয়াৰে বেছিভাগ একাউণ্ট যৌন নিৰ্যাতন সম্পৰ্কীয় তথ্য আৰু অশ্লীল ফটো-ভিডিঅ’ প্ৰচাৰ কৰাৰ বাবে নিষিদ্ধ কৰা হৈছে ৷ তথ্য অনুসৰি 11,32,228 এটা একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে ৷ আনহাতে 1,843 টা একাউণ্ট সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ প্ৰচাৰ কৰাৰ বাবে নিষিদ্ধ কৰা হৈছে ৷
টুইটাৰ ভাৰতৰ প্ৰতিবেদন অনুসৰি মুঠ 11,34,071 টা একাউণ্ট নিষিদ্ধ কৰা হৈছে ৷ টুইটাৰে নতুন তথ্য প্ৰযুক্তি নিয়ম, 2021 অনুসৰি যুগতোৱা প্ৰতিবেদনত কোৱা হয় যে বিভিন্ন সময়ত বিভিন্ন লোকৰ পৰা বহুতো একাউণ্টৰ বিৰুদ্ধে অভিযোগ লাভ কৰা হৈছিল ৷
টুইটাৰ ভাৰতে লগতে কয় যে বেছিভাগ অভিযোগ আছিল উৎপীড়ন, ঘৃণনীয় আচৰণ , সংবেদনশীল প্ৰাপ্তবয়স্ক সমল (Sensitive Adult content), আৰু মানহানিৰ । নতুন তথ্য প্ৰযুক্তি নিয়ম 2021-ৰ অধীনত, 5 নিযুতৰো অধিক ব্যৱহাৰকাৰীৰ থকা ডিজিটেল আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মে মাহিলী তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব ৷ এই নিৰ্দেশনা অনুসৰি শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে টুইটাৰ কৰ্তৃপক্ষই ৷
ইফালে, মাস্কৰ অধীনত টুইটাৰে শেহতীয়াকৈ ভাৰত আৰু তুৰস্ককে ধৰি বিশ্বব্যাপী সমল সীমিত বা অৱৰোধ কৰাৰ বাবে চৰকাৰী অনুৰোধৰ 83 শতাংশক অনুমোদন জনাইছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷
বিগত মাহত, ভাৰত চৰকাৰে কিছুমান একাউণ্ট অৱৰোধ নকৰিলে টুইটাৰ নিষিদ্ধ কৰাৰ ভাবুকি দিয়া বুলি টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেয়ে অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পাচতেই মাস্কে আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ পিচত সাংবাদিকক কয় যে এটা কোম্পানীৰ ‘স্থানীয় চৰকাৰৰ নিৰ্দেশনাক মানি চলাৰ বাহিৰে কোনো বিকল্প নাই ৷ যদি আমি স্থানীয় চৰকাৰৰ আইন মানি নলওঁ, তেন্তে আমাক নিষিদ্ধ কৰা হ’ব ৷’’
লগতে পঢ়ক: WhatsAppৰ বাবে ফোনৰ ষ্ট'ৰেজ পূৰ হৈ পৰিছে, তেন্তে কৰক এই কাম