ETV Bharat / bharat

কুস্তিবিদৰ কাহিনীত টুইষ্ট: এইবাৰ বজৰং-সাক্ষী-বিনেশৰ বিৰুদ্ধে মল্লযোদ্ধাৰ প্ৰতিবাদ - Vinesh Phogat

Twist in Wrestling Saga : ভাৰতীয় মল্লযুদ্ধত চলি থকা বিতৰ্কই এক নতুন মোৰ লৈছে । কিয়নো কনিষ্ঠ মল্লযোদ্ধাসকলৰ নতুন দলটোৱে বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটৰ দৰে জ্যেষ্ঠসকলৰ বিৰুদ্ধে তেওঁলোকৰ কেৰিয়াৰৰ এটা বছৰ হেৰুওৱাৰ বাবে প্ৰতিবাদ আৰম্ভ কৰিছে ।

এইবাৰ বজৰং, সাক্ষী আৰু বিনেশৰ বিৰুদ্ধে মল্লযোদ্ধাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:53 PM IST

নিউজ ডেস্ক, ৩ জানুৱাৰী : ভাৰতীয় মল্লযুদ্ধত চলি থকা সংকটে বুধবাৰে এক নতুন মোৰ লয় । শ শ কনিষ্ঠ মল্লযোদ্ধাই তেওঁলোকৰ কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ বছৰ হেৰুওৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যন্তৰ-মন্তৰত একত্ৰিত হয় । আনহাতে, এই পৰিস্থিতিৰ বাবে তেওঁলোকে শীৰ্ষ মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটক দোষাৰোপ কৰে ।

বাছত উঠি অহা প্ৰায় ৩০০ কনিষ্ঠ মল্লযোদ্ধা বাঘপতৰ ছপ্ৰাউলিৰ আৰ্য সমাজ আখাড়াৰ পৰা অহাৰ লগতে আন বহু মল্লযুঁজাৰু নাৰেলাৰ বীৰেন্দ্ৰ কুস্তি একাডেমীৰ পৰা আহে । আনহাতে, বহুতে এতিয়াও বাছভৰ্তি হৈ গৈ আছে আৰু আন একাংশ মল্লযোদ্ধাই যুগান্তকাৰী প্ৰতিবাদস্থলীত উপস্থিত হৈ তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে প্ৰতিবাদত যোগদান কৰাৰ পৰিকল্পনা কৰিছে ।

সুৰক্ষা কৰ্মীসকলে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগা হয় । তেওঁলোকে পুনিয়া, মালিক আৰু ফোগাটৰ বিৰুদ্ধে শ্লোগানো দিয়ে । প্ৰতিবাদকাৰীসকলে লৈ অহা বেনাৰ-পোষ্টাৰত লিখা আছে : 'ইউডব্লিউডব্লিউয়ে এই ৩ গৰাকী মল্লযোদ্ধাৰ কবলৰ পৰা আমাৰ মল্লযুঁজ বচাওক' । উপহাসমূলক কথাটো হৈছে যে প্ৰায় এবছৰ পূৰ্বে একেটা প্ৰতিবাদস্থলীতে শীৰ্ষ তিনিজন মল্লযোদ্ধাই তেওঁলোকৰ উদ্দেশ্যৰ বাবে বৃহৎ সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তেওঁলোকে ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছিল ।

কৃষক সংগঠন, সমাজকৰ্মী, ৰাজনীতিবিদ, মহিলা সংগঠন আৰু কুস্তি সম্প্ৰদায়ৰ সদস্যকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ হাজাৰ হাজাৰ লোকে মালিক, ফোগাট আৰু পুনিয়াক সমৰ্থন কৰিবলৈ ওলাই আহিছিল । কিন্তু পৰিহাসৰ কথাটো হৈছে যে এতিয়া তিনিওজনেই যন্তৰ-মন্তৰত সমবেত তেওঁলোকৰে গ্ৰুপৰ সদস্যসকলৰ মাজৰ পৰা প্ৰতিবাদৰ সন্মুখীন হৈছে । আনকি তেওঁলোকৰ কেৰিয়াৰ নষ্ট কৰাৰো অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে 2023 চনৰ জানুৱাৰী পৰা ৰাষ্ট্ৰীয় শিবিৰ আৰু প্ৰতিযোগিতা স্থগিত হৈ আছে । কিয়নো ডব্লিউএফআইক দুবাৰ নিলম্বন কৰা হৈছে আৰু এখন তদৰ্থক সমিতিয়ে ইয়াৰ হৈ কাম কৰি আছে । ইফালে বুধবাৰে প্ৰতিবাদ কৰাসকলে ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা দেশৰ মল্লযুদ্ধ পৰিচালনাৰ বাবে নিযুক্ত কৰা তদৰ্থক সমিতিখন ভংগ কৰাৰ লগতে নিলম্বিত ডব্লিউএফআইক পুনৰ গঠনৰো দাবী জনাইছে ।

লগতে পঢ়ক :২০২২ চনৰ তুলনাত এইবাৰৰ আইপিএল নিলামত ৫৭ শতাংশ দৰ্শক বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.